বোকাখাতত অসম জাতীয় পৰিষদৰ 'এক অসম যাত্ৰা' ৰ সমদল : আমি অসমীয়াৰ হাতত অসমৰ ৰাজনৈতিক আৰু সামাজিক অধিকাৰ সুৰক্ষিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ - লুৰিণজ্যোতি গগৈ :

বোকাখাতত অসম জাতীয় পৰিষদৰ 'এক অসম যাত্ৰা' ৰ সমদল  : আমি অসমীয়াৰ হাতত অসমৰ ৰাজনৈতিক আৰু সামাজিক অধিকাৰ সুৰক্ষিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ - লুৰিণজ্যোতি গগৈ  :
Aiidesh Photo

Aiidesh News  :  1 October 2023  :

অসমৰ অন্যতম আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদে যোৱা ২৩ ছেপ্টেম্বৰত কোচবিহাৰৰ পৰা আৰম্ভ কৰা "এক অসম যাত্ৰা" ১ অক্টোবৰত বোকাখাতত উপস্থিত হয়হি । অসম জাতীয় পৰিষদ অসমীয়াৰ হাতত অসমৰ ৰাজনৈতিক আৰু সামাজিক অধিকাৰ সুৰক্ষিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ,  এক অসম যাত্ৰাত অংশ গ্ৰহন কৰি ১ অক্টোবৰত বোকাখাতত এই মন্তব্য কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে । অসমৰ সকলো জাতি জনগোষ্ঠীক ভাগ ভাগ কৰি চলি থকা বিভেদৰ ৰাজনীতিৰ অন্ত পেলাই অসমত গণতান্ত্ৰিক আৰু মূল্যবোধৰ ৰাজনীতি পুনৰ প্ৰতিষ্ঠা কৰিবলৈ 'আমি দৃঢ় প্ৰতীজ্ঞ' বুলিও দাবী কৰে লুৰিণজ্যোতি গগৈয়ে । 

অসম জাতীয় পৰিষদ দলৰ সমৰ্থক স্থানীয় কেইবা শতাধিক লোকৰ  সমদল লৈ বোকাখাত নগৰৰ পশ্চিমৰ পৰা আৰম্ভ হোৱা  এক অসম যাত্ৰাৰ সমদলে বোকাখাত নগৰ অতিক্ৰম কৰি নগৰ খনৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সমুখত এক সভা অনুষ্ঠিত কৰে । অসম জাতীয় পৰিষদৰ যুৱ সংগঠন "জাতীয় যুৱ শক্তি"ৰ সাধাৰণ সম্পাদক ৰিদীপভূষন নাথে আঁত ধৰা সভাত অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই ভাষণ প্ৰদান কৰি শাসনাধীষ্ঠ দলক কটাক্ষ কৰি কয় যে বৰ্তমান অসমত কোনো গণতান্ত্ৰিক চৰকাৰ চলি থকা নাই, চলিছে ড° হিমন্ত বিশ্ব শৰ্মা আৰু কেইজনমানৰ এটা কোম্পানী লিমিটেড । ক'লা ধন বিদেশৰ পৰা ঘূৰাই অনা, সকলো বিদেশীক বহিস্কাৰ কৰা, সকলো নিবনুৱাক সংস্থাপন দিয়া, অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম কমাই দিয়াৰ মধুৰ প্ৰতিশ্ৰুতিৰে ক্ষমতালৈ অহা ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ শাসনকালত অসমত এতিয়া চাৰিশ টকীয়া ছিলিণ্ডাৰৰ দাম বাৰশ টকা হ'ল । চাকৰি নিযুক্তিৰ নামত ব্যাপক দুৰ্নীতিৰ বজাৰ বহিল । মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি জালুকবাৰীৰ নিবনুৱা হ'লে ৫৬-৬০ বছৰতো চাকৰি পায় । বাকী যোগ্য নিবনুৱা বঞ্চিত হয় । তেনেকৈ যদি চাকৰি পাবই পাৰি তেন্তে অসমৰ ২৩ লাখ নিবনুৱাক চাকৰি নিদিয়ে কিয় বুলিও প্ৰশ্ন তোলে জগদীশ ভূঞাই । 

ড° হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত চলিছে স্বেচ্ছাচাৰিতা আৰু গণতান্ত্ৰিক মূল্যবোধৰ বিনাশ ঘটিছে । অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰাই চৰকাৰক চুবগৈ নোৱাৰে । সেইয়া আমাৰো উদ্দেশ্যও নহয় । আমাৰ উদ্দেশ্য জনসাধাৰণৰ মন চোৱাৰ । জনসাধাৰণ আমাৰ লগলৈ আহিছে । আমাৰ এই এক অসম যাত্ৰা সফল হৈছে বুলিও অসম জাতীয় পৰিষদৰ সম্পাদক জগদীশ ভূঞাই কয় । বোকাখাতত এতিয়া সৰ্বাধিক চৰ্চিত চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নগৰৰ মাজেদিয়েই নিৰ্মাণ কৰিব লাগিব বুলিও ভূঞাই দাবীও জনায় । মনকৰিব লগীয়া যে আজি বোকাখাতত হোৱা অসম জাতীয় পৰিষদৰ এই যাত্ৰাত জনগোষ্ঠীয় সমৰ্থকক লগত লৈ যুৱ নেতা প্ৰণৱ দলেয়ো অংশগ্ৰহন কৰিছে । বোকাখাতৰ প্ৰনৱ দলেই বিগত বিধানসভাৰ নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সমৰ্থনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বোকাখাত সমষ্টিত প্ৰতিদ্বন্দিতাও কৰিছিল । 

********