কৰিমগঞ্জ জিলা টাইকোৱাণ্ডো এচ'চিয়েচন গঠন : জিতেশ ৰয় কৰ্মকাৰক সভাপতি আৰু বিশাল তালুকদাৰ সম্পাদক নিৰ্বাচিত :

কৰিমগঞ্জ জিলা টাইকোৱাণ্ডো এচ'চিয়েচন গঠন : জিতেশ ৰয় কৰ্মকাৰক সভাপতি আৰু বিশাল তালুকদাৰ সম্পাদক নিৰ্বাচিত  :
Aiidesh Photo

Aiidesh News : 2 October 2023 :

কৰিমগঞ্জৰ বদৰপুৰত টাইকোৱাণ্ডো মাৰ্চিয়েল আৰ্টচ এণ্ড স্প'ৰ্টচ এচ'চিয়েচনৰ উদ্যোগত অলপতে কৰিমগঞ্জত জিলা টাইকোৱাণ্ডো এচ'চিয়েচন গঠন কৰা হয় ৷ এই উপলক্ষে আয়োজিত সভাত টাইকোৱাণ্ডো মাৰ্চিয়েল আৰ্টচ এণ্ড স্প'ৰ্টচ এচ'চিয়েচন তৰফৰ পৰা সদস্য পৰশজ্যোতি দাসে পর্যবেক্ষক হিচাপে উপস্থিত থাকে ৷ অৰ্গ জ্যোতি দত্তৰ পৌৰহিত্যত চহৰখনৰ শ্ৰী কৃষ্ণ নিৱাসত আয়োজিত এই সভাত ক্ৰীড়ানুৰাগী স্থানীয় ব্যক্তিৰ উপৰিও টাইকোৱাণ্ডো খেলুৱৈ, ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকো উপস্থিত থাকে । এই সভাতেই জিতেশ ৰয় কৰ্মকাৰক সভাপতি আৰু বিশাল তালুকদাৰক সম্পাদক হিচাবে নিৰ্বাচন কৰি  ১৩ জনীয়া কাৰ্যবাহী সমিতিৰে কৰিমগঞ্জ জিলা টাইকোৱাণ্ডো এচ'চিয়েচন গঠন কৰা হয় । 

উল্লেখ্য যে কৰিমগঞ্জৰ টাইকোৱাণ্ডো প্রশিক্ষক ৰতন কুমাৰ দেইয়ে সম্প্ৰতি তেওঁ সহকৰ্মীৰে সৈতে "বি হাস্টলাৰ টাইকোৱাণ্ডো" নামে এক টাইকোৱাণ্ডো একাডেমী খুলি ছাত্ৰ ছাত্ৰীক টাইকোৱাণ্ডোৰ প্রশিক্ষণ দি আহিছে যদিও কৰিমগঞ্জ জিলা টাইকোৱাণ্ডো এচ'চিয়েচন গঠন হোৱাৰ পিচত জিলাখনৰ টাইকোৱাণ্ডো খেলুৱৈ সকলে এতিয়া প্ৰতিভা বিকাশৰ বাবে পুৰ্বতকৈ অধিক সুবিধা লাভ কৰিব বুলি স্থানীয় লোকে মন্তব্য কৰে । বর্তমানে প্ৰায় ৮০ জনৰো অধিক ল'ৰা-ছোৱালীয়ে জিলাখনৰ বিভিন্ন ঠাইত টাইকোৱাণ্ডো প্রশিক্ষণ লৈ আছে বুলি প্ৰশিক্ষকে সভাক জানিবলৈ দিয়ে ।

******