সদ্য ঘোষিত ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ স্নাতক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত পদার্থ বিজ্ঞানৰ শীর্ষত বোকাখাতৰ নয়ন ৰঞ্জন শৰ্মা :

সদ্য ঘোষিত ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ স্নাতক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত পদার্থ বিজ্ঞানৰ শীর্ষত বোকাখাতৰ নয়ন ৰঞ্জন শৰ্মা :
Aiidesh Photo

Aiidesh News  : 15 June - 2014  : 

ডিব্ৰুগড়ৰ বিশ্ব বিদ্যালয়ৰ সদ্যঘোষিত স্নাতক চূড়ান্ত ( বিজ্ঞান) বৰ্ষৰ পৰীক্ষাৰ ফলাফলত বোকাখাতৰ চন্দ্ৰ নাথ বেজবৰুৱা  মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ ছাত্ৰ  নয়ন ৰঞ্জন শৰ্মাই  বিশ্ববিদ্যালয়ৰ ভিতৰতে শীর্ষ স্থান লাভ কৰিবলৈ সক্ষম হয় । নয়ন ৰঞ্জন শৰ্মাই পদাৰ্থ বিজ্ঞানত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি চন্দ্ৰ নাথ বেজবৰুৱা মহাবিদ্যালয়ৰ লগতে বোকাখাতলৈ গৌৰৱ কঢ়িয়াই আনে । উল্লেখযোগ্য যে চন্দ্ৰ নাথ বেজবৰুৱা  মহাবিদ্যালযয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ পৰা পূৰ্ব্বে ও ড° চন্দ্রানী নাথ আৰু ড° প্ৰিয়া  ভৰালীয়ে স্নাতক চূড়ান্ত পৰীক্ষাত  ডিব্ৰুগড়ৰ  বিশ্ব বিদ্যালয়ৰ পৰা প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল । আজি ঘোষিত হোৱা ফলাফলত মহাবিদ্যালয়খনৰ উতীৰ্ণৰ হাৰ ৭৫ শতাংশ ৷ 

*********