বোকাখাত ৰাজ্যিক পশু চিকিৎসালত বিশ্ব যকৃত দিৱস উদযাপন :

বোকাখাত ৰাজ্যিক পশু চিকিৎসালত বিশ্ব যকৃত দিৱস উদযাপন :
Aiidesh Photo
বোকাখাত ৰাজ্যিক পশু চিকিৎসালত বিশ্ব যকৃত দিৱস উদযাপন :

বোকাখাত ৰাজ্যিক পশু চিকিৎসালত বিশ্ব যকৃত দিৱস উদযাপন :  

Aiidesh News : 19 April 2023 : 

সমগ্ৰ বিশ্বৰ লগতে আজি বোকাখাতৰ ৰাজ্যিক পশু চিকিৎসালয় প্ৰাংগনতো বিশ্ব যকৃত দিৱস উদযাপন কৰা হয় ৷ এই উপলক্ষে আয়োজিত  অনুষ্ঠানত বোকাখাতৰ পোহৱনীয়া কুকুৰ স্বাস্থ্য পৰীক্ষাৰ লগতে যকৃত, পেলুৰ ঔষধৰ লগতে ঔষধি চেম্পুও বিনামুলীয়াকৈ প্ৰদান কৰা হয় ৷ পেট মেনকাইণ্ড নামৰ কোম্পানীৰ সহযোগত আয়োজিত এই অনুষ্ঠানত বোকাখাতৰ ৰাজ্যিক পশু চিকিৎসালয়ৰ জেষ্ঠ পশু চিকিৎসক ডা৹ দেৱব্ৰত ফুকনে বিশ্ব যকৃত দিৱসৰ আজিৰ অনুষ্ঠানৰ শুভাৰম্ভ কৰে ৷ অনুষ্ঠানত পেট মেন কাইণ্ডৰ বিষয়া সুদীপ পাল উপস্থিত থাকে  ৷

অনুষ্ঠানত বোকাখাতৰ ৩৮ গৰাকী ব্যক্তিয়ে অংশ গ্ৰহন কৰাৰ লগতে মুঠ ৮৮ টা পোহনীয়া কুকুৰৰ স্বাস্থ্য পৰীক্ষা কৰি বিনামুলীয়াকৈ যকৃতৰ ঔষধ প্ৰদান কৰা হয় ৷

গোলাঘাট জিলা পশু চিকিৎসা আৰু পশু কল্যান বিভাগৰ তত্বাৱধানত বোকাখাতত আয়োজিত বিশ্ব যকৃত দিৱসৰ কাৰ্যসুচীত বোকাখাত ৰাজ্যিক পশু চিকিৎসালয়ৰ ক্ষেত্ৰ সহায়ক চিন্ময় চন্দন বৰা, আৰু উজ্বল গগৈৰ লগতে চিকিৎসালয়ৰ সহায়ক বিশ্বনাথ ৰামচিয়াৰীয়ে সেৱা আগবঢ়ায়  ৷

********