বোকাখাত ডিষ্ট্ৰিক্ট বডি বিল্ডিং এণ্ড ফিটনেচ এচ'চিয়েচনলৈ অল আচাম বডি বিল্ডিং এণ্ড ফিটনেচ এচ'চিয়েচনৰ স্বীকৃতি :

বোকাখাত ডিষ্ট্ৰিক্ট বডি বিল্ডিং এণ্ড ফিটনেচ এচ'চিয়েচনলৈ অল আচাম বডি বিল্ডিং এণ্ড ফিটনেচ এচ'চিয়েচনৰ স্বীকৃতি  :
Aiidesh Photo

Aiidesh News :  27 August 2023 : 

বোকাখাতৰ এচাম সচেতন যুৱকৰ উদ্যোগত স্থাপন হোৱা বোকাখাত ডিষ্ট্ৰিক্ট বডি বিল্ডিং এণ্ড ফিটনেচ এচ'চিয়েচনলৈ আজি অল আচাম বডি বিল্ডিং এণ্ড ফিটনেচ এচ'চিয়েচনে আনুষ্ঠানিক ভাৱে স্বীকৃতি প্ৰদান কৰে ৷ ২০১৪ চনতে বোকাখাতত স্থাপন হোৱা বোকাখাত ডিষ্ট্ৰিক্ট বডি বিল্ডিং এণ্ড ফিটনেচ এচ'চিয়েচনৰ উদ্যোগত আজি সন্ধ্যা বোকাখাতত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত অল আচাম বডি বিল্ডিং এণ্ড ফিটনেচ এচ'চিয়েচনৰ সাধাৰণ সম্পাদক তথা তিনি বাৰকৈ মিষ্টাৰ ইণ্ডিয়া খিতাপ প্ৰাপ্ত বিজিত গগৈয়ে বোকাখাত ডিষ্ট্ৰিক্ট বডি বিল্ডিং এণ্ড ফিটনেচ এচ'চিয়েচনৰ সভাপতি উত্তম শইকীয়া আৰু সম্পাদক অভিজিত নাথৰ হাতত এই স্বীকৃতি প্ৰদান কৰে ৷ 

অনুষ্ঠানত অল আচাম বডি বিল্ডিং এণ্ড ফিটনেচ এচ'চিয়েচনৰ হৈ সাধাৰণ সম্পাদক বিজিত গগৈ, হেমন্ত ধিং মজুমদাৰ, অধ্যপক ৰক্তিম পাটৰ,  বোকাখাত ডিষ্ট্ৰিক্ট বডি বিল্ডিং এণ্ড ফিটনেচ এচ'চিয়েচনৰ সভাপতি,সম্পাদকৰ লগতে সদস্য সকলো উপস্থিত থাকে ৷ স্বীকৃতি প্ৰদান কৰি মিষ্টাৰ ইণ্ডিয়া বিজিত গগৈয়ে বোকাখাত ডিষ্ট্ৰিক্ট বডি বিল্ডিং এণ্ড ফিটনেচ এচ'চিয়েচনৰ কাৰ্যক শলাগ লৈ অচিৰেই বোকাখাতত এক বিশেষ প্ৰতিযোগিতাৰ লগতে নতুন প্ৰজন্মক শৰীৰ সম্পৰ্কে সজাগ কৰিবৰ বাবে কৰ্মশালাৰ আয়োজন কৰিবৰ বাবে পৰামৰ্শ প্ৰদান কৰে ৷ লগতে বোকাখাত মহকুমাত বোকাখাত ডিষ্ট্ৰিক্ট বডি বিল্ডিং এণ্ড ফিটনেচ এচ'চিয়েচনৰ অধীনত বিভিন্ন শাখা মুকলি কৰি শৰীৰ চৰ্চাক জনপ্ৰিয় কৰি তুলিবৰ বাবেও আহ্বান জনায় ৷ বোকাখাত ডিষ্ট্ৰিক্ট বডি বিল্ডিং এণ্ড ফিটনেচ এচ'চিয়েচনলৈ স্বীকৃতি প্ৰদান কৰাৰ বাবে সভাপতি উত্তম শইকীয়া আৰু সম্পাদক অভিজিত নাথে অল আচাম বডি বিল্ডিং এণ্ড ফিটনেচ এচ'চিয়েচনক ধন্যবাদ জ্ঞাপন কৰে ৷

********