️১০৫ নং বোকাখাত সমষ্টিত ️৯ এপ্ৰিলৰ ভোটগ্ৰহণৰ বাবে ২১২ টা ভোটগ্ৰহণ কেন্দ্ৰ আৰু মহিলাৰ বিষয়াৰে পৰিচালিত ৪৬ টা ভোটগ্ৰহণ কেন্দ্ৰ সাঁজু কৰা হৈছে :

️১০৫ নং বোকাখাত সমষ্টিত ️৯ এপ্ৰিলৰ ভোটগ্ৰহণৰ বাবে ২১২ টা ভোটগ্ৰহণ কেন্দ্ৰ আৰু  মহিলাৰ বিষয়াৰে পৰিচালিত ৪৬ টা ভোটগ্ৰহণ কেন্দ্ৰ সাঁজু কৰা হৈছে :
Collected photo

Aiidesh News : 28 March - 2026 :

অহা ৯ এপ্ৰিলত সমগ্ৰ ৰাজ্যতে এটা পৰ্যায়ত অনুষ্ঠিত হ'ব অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন । ইয়াৰ বাবে ১০৫ নং বোকাখাত বিধানসভা সমষ্টিৰ মুঠ ২১২ টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহন কৰা হ'ব । ইয়াৰে ৪৬ টা ভোটগ্ৰহণ কেন্দ্ৰ সম্পূৰ্ণৰূপে মহিলাৰ দ্বাৰা পৰিচালিত হ'ব বুলি প্ৰশাসনৰ তৰফৰ পৰা জানিবলৈ দিয়ে । এইবাৰ বোকাখাত সমষ্টিৰ মুঠ ১,৬৪,৬৪৮ গৰাকী ভোটাৰে ভোটগ্ৰহণ কৰিব । ইয়াৰে ৭৯,৯৫২ গৰাকী পুৰুষ, ৮৪,৬৯৫ গৰাকী মহিলা আৰু এগৰাকী তৃতীয় লিংগৰ ভোটাৰ । ভোটগ্ৰহণ প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পন্ন কৰিবৰ বাবে ইতিমধ্যে ১০৫ নং বোকাখাত সমষ্টিক ৭ টা জ'ন আৰু ১৮ টা চেক্টৰত বিভক্ত কৰা হৈছে । তদুপৰি, ভোটগ্ৰহণ প্ৰক্ৰিয়া সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে, ৭ গৰাকী জ'নেল বিষয়া, ১৮ গৰাকী চেক্টৰ বিষয়াৰ লগতে প্ৰিজাইডিং, প্ৰথম পুলিং, দ্বিতীয় পুলিং আৰু তৃতীয় পুলিং সহ প্ৰায় ১,০৬০ বিষয়া নিয়োগ কৰা হৈছে । নিৰ্বাচন সংক্ৰান্তীয়  যিকোনো তথ্য পাবলৈ অথবা যিকোনো অভিযোগ দাখিলৰ বাবে জনসাধাৰণে নিয়ন্ত্ৰণ কক্ষ অথবা নিৰ্বাচনী শাখাৰ ০৩৭৭৪-২৮৩২৮২ নম্বৰত যোগাযোগ কৰিবৰ বাবে প্ৰশাসনে জনাইছে । উল্লেখযে বিধানসভাৰ নিৰ্বাচনৰ বাবে গোলাঘাট জিলাৰ বগৰীজেঙ নামৰ স্থানত থকা গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত ষ্ট্ৰং ৰুম স্থাপন কৰা হৈছে বুলিও জিলা মেডিয়া কোষৰ তৰফৰ পৰা অৱগত কৰিছে ।

********