ধৰ্ণা দিয়াৰ নামত মহিলা বনকৰ্মীক আশালীন মন্তব্য কৰা প্ৰতিবাদকাৰীৰ বিৰুদ্ধে বোকাখাত থানাত বন বিভাগৰ গোচৰ : মহিলা বনকৰ্মীক আশালীন ব্যৱহাৰ কৰাৰ বাবে সকলোৰে গৰিহনা :

ধৰ্ণা দিয়াৰ নামত মহিলা বনকৰ্মীক আশালীন মন্তব্য কৰা প্ৰতিবাদকাৰীৰ বিৰুদ্ধে বোকাখাত থানাত বন বিভাগৰ গোচৰ :  মহিলা বনকৰ্মীক আশালীন ব্যৱহাৰ কৰাৰ বাবে সকলোৰে গৰিহনা  :
Aiidesh Photo

Aiidesh News  : 18 January 2024 :

বন্যপ্ৰাণীৰ আক্ৰমনত পশুধন নিহত হোৱাৰ ক্ষতিপূৰণৰ দাবীৰে বোকাখাতৰ ডি এফ অ’ কাৰ্যালয়ত ধৰ্ণা দিবলৈ গৈ কৰ্মৰত মহিলা বনকৰ্মীক প্ৰতিবাদকাৰীয়ে আশালীন মন্তব্য কৰা কাৰ্যৰ বিৰুদ্ধে আজি বোকাখাত আৰক্ষী থানাত এজাহাৰ দাখিল কৰে বোকাখাত বনাঞ্চলৰ  বনাঞ্চলিক বিষয়াই ৷ এজাহাৰত ধৰ্না দিবৰ বাবে বোকাখাতৰ সংমণ্ডল প্ৰাধিকাৰীৰ কাৰ্যালয়লৈ মানুহ আনি মহিলা বনকৰ্মীক আশালীন ভাষাৰে গালি দিবলৈ উচটনি দিয়াৰ বাবে প্ৰনৱ দলে আৰু ৰাজীৱ পেগু নামৰ দুজন ব্যক্তিক অভিযুক্ত কৰি বিহিত ব্যৱস্থা গ্ৰহন কৰিবৰ বাবে আৰক্ষীক অৱগত কৰিছে ৷ ১৭ জানুৱাৰীত প্ৰতিবাদী কাৰ্য্যসূচী চলি থকাৰ সময়ত প্ৰনৱ দলেৰ নেতৃত্বত অহা প্ৰতিবাদকাৰীয়ে আৰক্ষী বিভাগৰ বিষয়া কৰ্মচাৰীৰ উপস্থিতিত বন বিভাগৰ বিষয়া কৰ্মচাৰীক উদ্দেশ্যি বিভিন্ন অপমান সূচক মন্তব্য কৰাৰ উপৰিও সেই সময়ত কৰ্তব্যৰত মহিলা বনকর্মীক উদ্দেশ্যি অশ্লীল সম্বোধন কৰি বিভিন্ন ধৰণৰ অশালীন মন্তব্য কৰাৰ লগতে অভব্য গালি গালাজ কৰা বুলি এজাহাৰত উল্লেখ কৰিছে । 

ইফালে উক্ত ঘটনাৰ সময়ত কৰ্তব্যৰত মহিলা বনকর্মী সকলে মানসিক ভাৱে আঘাত পোৱাৰ লগতে ন্যায় বিচাৰি বনাঞ্চলিক বিষয়াৰ ওচৰত আৱেদন জনায় ৷ বনাঞ্চলিক বিষয়াই জনোৱা মতে ৩০ ডিচেম্বৰৰ পৰা আজিলৈকে  বোকাখাতৰ প্ৰণৱ দলে আৰু ৰাজীৱ পেগু নামৰ দুজন ব্যক্তিয়ে স্থানীয় লোকক লগত লৈ চৰকাৰী কৰ্তব্য সমাপন কৰিবলৈ যোৱাৰ সময়ত বনকর্মীক উদ্দেশ্যি বিভিন্ন ধৰণৰ অপমান সূচক মন্তব্য কৰি অহাৰ লগতে চৰকাৰী কৰ্তব্যতো বাধা প্ৰদান কৰি আহিছে ৷ ইয়াৰ উপৰিও বাঘৰ আক্ৰমনত পশুধন হেৰুৱা ভুক্তভোগী পৰিয়ালকো ক্ষতিপুৰণৰ আৱেদন দিবলৈ বন বিষয়াৰ কাৰ্যালয়লৈ অহাতো বাধা আৰোপ কৰা বুলি এজাহাৰত উল্লেখ কৰিছে বিষয়া গৰাকীয়ে ৷ ধৰ্ণা দিবলৈ গৈ কৰ্মৰত মহিলা বনকৰ্মীক আশালীন মন্তব্যৰে গালি গালাজ কৰি চৰিত্ৰ হনন কৰা এই ঘটনাই বোকাখাতত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ একে মুখে এনে বিকৃত মানসিকতাক গৰিহনা দিছে সকলোয়ে ৷ কৰ্মক্ষেত্ৰত মহিলাক সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত এতিয়া বোকাখাত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহন কৰে সি হ'ব লক্ষনীয় ৷

*******