কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ পানপুৰত চোৰাংচিকাৰী আৰু বনকৰ্মীৰ সংঘৰ্ষ : আহত এজন বিশেষ গঁড় সুৰক্ষা বাহিনীৰ জোৱান :

কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ পানপুৰত চোৰাংচিকাৰী আৰু বনকৰ্মীৰ সংঘৰ্ষ : আহত এজন বিশেষ গঁড় সুৰক্ষা বাহিনীৰ জোৱান :
বিশেষ গঁড় সুৰক্ষা বাহিনীৰ আহত জোৱান প্ৰাঞ্জল বৰচামুৱা

দেশৰ লক ডাউনৰ সুযোগ লৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ সক্ৰিয় হৈছে চোৰাংচিকাৰী  ৷ শনিবাৰৰ নিশা কাজিৰঙাৰ ষষ্ঠ সংযোজন এলেকাৰ পানপুৰ সংৰক্ষিত বনাঞ্চলত চোৰাংচিকাৰী সোমোৱাৰ তথ্য পাই অভিযান আৰম্ভ কৰিছিল বনকৰ্মীয়ে ৷ অভিযানৰ সময়ত চোৰাংচিকাৰীৰ দলটোৰ সৈতে মুখামুখী হয় অভিযানকাৰী বনকৰ্মীৰ দল ৷ বনকৰ্মীলৈ বুলি গুলী চলায় চোৰাংচিকাৰীৰ দলটোয়ে ৷ প্ৰত্যুত্তৰত বনকৰ্মীৰ দলেও চোৰাংচিকাৰীলৈ বুলি গুলী চলায় ৷  চোৰাং চিকাৰীৰ গুলিত প্ৰাঞ্জল বৰচমুৱা নামৰ বিশেষ গঁড় সুৰক্ষা বাহিনীৰ জোৱান গুৰুত্বৰভাৱে আহত হয় ৷ প্ৰাঞ্জল চমুৱা নামৰ জোৱানজনৰ ভৰিত গুলি লাগে ৷ প্ৰাঞ্জল বৰচমুৱা নামৰ জোৱানজনক ততাতৈয়াকৈ বিশ্বনাথৰ চিকিৎসায়লৈ নিয়া হয় যদিও আজি পুৱা আহত জোৱানজনক তেজপুৰৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷ বিশেষ গঁড় সুৰক্ষা বাহিনীৰ জোৱানজন সম্প্ৰতি বিপদ মুক্ত বুলি চিকিৎসকে জনাইছে ৷ শণিবাৰৰ নিশা প্ৰায় ১২-৩০ মান বজাত সংঘৰ্টিত এই ঘটনাৰ পাচত বনকৰ্মীৰ গুলীৰ প্ৰত্যুত্বত চোৰাং চিকাৰীৰ দলটো আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে  ৷ আজি ঘটনাস্থলীৰ পৰা এখন দা আৰু এটা বেগ উদ্ধাৰ কৰিছে বিশ্বনাথৰ বনংমণ্ডল প্ৰাধিকাৰী মুকুট দাসৰ নেতৃত্বত যোৱা আৰক্ষী আৰু বন কৰ্মীৰ তদন্তকাৰী দলে ৷ সম্প্ৰতি চোৰাংচিকাৰীৰ দলটোৰ সন্ধানত স্নীফাৰ ডগো ব্ৱহাৰ কৰিছে বন বিভাগে ৷ উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পানপুৰ বনাঞ্চলত বিচৰণ কৰি ফুৰা গঁড় হত্যাৰ পৰিকল্পনা কৰিছিল এই চোৰাং চিকাৰীৰ দলটোয়ে বুলি বনবিভাগৰ সুত্ৰত প্ৰকাশ ৷ 


**************