কবি-ঔপন্যাসিক দিলীপ ফুকনলৈ নৰ্থ ইষ্ট ফাউণ্ডেশ্যনৰ ২০২২ বৰ্ষৰ ধ্ৰুৱজ্যোতি বৰা সাহিত্য পুৰস্কাৰ :

কবি-ঔপন্যাসিক দিলীপ ফুকনলৈ নৰ্থ ইষ্ট ফাউণ্ডেশ্যনৰ ২০২২ বৰ্ষৰ ধ্ৰুৱজ্যোতি বৰা সাহিত্য পুৰস্কাৰ :
Collected

Aiidesh News  : 30 December - 2023 :  

বোকাখাত মহকুমাৰ মৰিয়াহোলা আৰু বৰ্তমান তেজপুৰৰ বাসিন্দা কবি-ঔপন্যাসিক দিলীপ ফুকনলৈ নৰ্থ ইষ্ট ফাউণ্ডেশ্যনৰ ২০২২ বৰ্ষৰ 'ধ্ৰুৱজ্যোতি বৰা সাহিত্য পুৰস্কাৰ' আগবঢ়োৱা হৈছে । সত্তৰ দশকৰ পৰা প্ৰগতিশীল চিন্তা চেতনাৰে  অসমীয়া কবিতাৰ ক্ষেত্ৰখনত নিৰলস ভাবে সাহিত্য চৰ্চা অব্যাহত ৰখা কবি দিলীপ ফুকনলৈ নৰ্থ ইষ্ট ফাউণ্ডেশ্যনে ২০২২ বৰ্ষৰ 'ধ্ৰুৱজ্যোতি বৰা সাহিত্য পুৰস্কাৰ' আগবঢ়াইছে ৷

অসমীয়া মানুহৰ মুখে মুখে প্ৰচলিত সাধুকথা সমূহৰ বস্তুনিষ্ঠ আলোচনা আগবঢ়াই 'লোক জীৱনৰ মনোধ্বনী' নামেৰে এখন গ্ৰন্থৰে পঢ়ুৱৈ সমাজৰ মাজত বিশেষ চৰ্চা লাভ কৰিবলৈ সক্ষম হোৱা কবি দিলীপ ফুকনৰ প্ৰকাশিত কাব্য সংকলন সমুহ হ'ল বিপ্লৱ প্লাৱন, দৈকলা সাঁতোৰে য'ত, দুনাই অগ্নিত আখৈ ফুটে, দৈবাৎ এহালী দেওহাঁহ আদি ৷

উল্লেখযোগ্য যে, কবি দিলীপ ফুকন এগৰাকী নিপুণ গদ্য লিখকো । গোলাঘাট জিলাৰ বোকাখাত কুৰুৱাবাহীৰ ঐতিহাসিক বান খহনীয়া বিৰোধী আন্দোলন আৰু ইয়াৰ স্থানীয় জনসাধাৰণৰ সংগ্ৰামক সমল হিচাপে লৈ ৰচিত উপন্যাস 'জল পদুমৰ পানচৈ' কবি দিলীপ ফুকনৰ এক অনন্য সৃষ্টি ৷ 

লগতে সাহিত্য আলোচনী 'সাতসৰী'ত প্ৰকাশিত 'অস্তি ধনশিৰি তীৰে' উপন্যাসিকাখনেও ঔপন্যাসিক হিচাপে কবি দিলীপ ফুকনক জনপ্ৰিয় কৰিছে ৷ কবি দিলীপ ফুকনে বিভিন্ন কাকত-আলোচনীত সময়ে সময়ে অসমীয়া কবিতাৰ ভালেমান মননশীল আলোচনা আগবঢ়াই অসমীয়া সাহিত্য আলোচনাৰ ধাৰাটোকো সমৃদ্ধ কৰি আহিছে । কবি দিলীপ ফুকন এগৰাকী অভিজ্ঞ চিত্ৰ শিল্পীও ৷ কৰ্মসুত্ৰে অৰুনাচল প্ৰদেশত কাম কৰি চাকৰি জীৱনৰ পৰা অৱসৰলৈ সম্প্ৰতি তেজপুৰৰ বাসিন্দা হলেও দিলীপ ফুকন বোকাখাত আৰু জন্মস্থান মৰিয়াহোলা আৰু কুৰুৱাবাহীৰ বহু অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত ৷

*******