বোকাখাতৰ ৰাষ্ট্ৰীয় পথৰ কাষতে স্থানীয় লোকৰ মৃতদেহ উদ্ধাৰ : ডিফলু নদীত মহিলা নিৰুদ্দেশ :

 

বোকাখাতৰ ৰাষ্ট্ৰীয় পথৰ কাষতে স্থানীয় লোকৰ মৃতদেহ উদ্ধাৰ : ডিফলু নদীত মহিলা নিৰুদ্দেশ :

Aiidesh News : 13 July 2023 :

বোকাখাত নগৰ সমীপতে থকা ৱাই টু কে নামৰ ঢাবাৰখনৰ সমীপতে আজি পুৱা এজন লোকৰ মৃতদেহ পানীত উপঙি থকা অৱস্থাথ উদ্ধাৰ হোৱা ঘটনাই ১৩ জুলাইৰ পুৱাতেই বোকাখাতত চাঞ্চল্যৰ সৃষ্টি কৰে ৷ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ কাষতে থকা এটা পুখুৰী সদৃশ জলাশয়ত তললৈ মুখ কৰি ওপঙি থকা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰে স্থানীয় লোকে ৷ ঘটনাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈ বোকাখাত আৰক্ষীয়ে মৰোনোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো সংগ্ৰহ কৰি গোলাঘাটলৈ প্ৰেৰণ কৰে ৷ পিচত মৃতদেহটো বোকাখাতৰ নাহৰজান তিনিআলিৰ নিৱাসী নৰেণ শৰ্মাৰ বুলি চিনাক্ত কৰিছে স্থানীয় লোকে ৷ নিশা পথৰ কাষৰ পানীত পিচলি পৰি নৰেণ শৰ্মাৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে যদিও অধিক তথ্য়ৰ বাবে তদন্ত আৰম্ভ কৰিছে বোকাখাত আৰক্ষীয়ে ৷ নৰেণ শৰ্মা বোকাখাতৰ জলসিঞ্চন বিভাগৰ কৰ্মচাৰী আছিল ৷

বোকাখাতৰ দক্ষিনে থকা ডিফলু চাহ বাগিছাত ডিফলু নদীৰ ওলমা দলংৰ সমীপত পানীত পৰি নিৰুদ্দেশ হৈছে এগৰাকী মহিলা ৷ নিজৰ স্বামীৰ সৈতে নদীত গা ধুবলৈ যোৱা মালতী ঘাটোৱাল নামৰ মহিলা গৰাকী নদীৰ পানীত পিচলি পৰি নিৰুদ্দেশ হয় ৷ মহিলা গৰাকীৰ ঘৰ ডিফলু চাহ বাগিছাতে বুলি জানিব পৰা গৈছে ৷ মালতী ঘাটোৱাল বাগিছাখনৰে বিষ্ণু ঘাটোৱালৰ পত্নী ৷ ঘটনাৰ পিচত স্থানীয় লোক আৰু বোকাখাত আৰক্ষীয়ে ঘটনাস্থলীত মহিলা গৰাকীৰ সন্ধানত অভিযান আৰম্ভ কৰিছে ৷

************