কাৰ্বিআংলং জিলাৰ তৰাপুংবাসীৰ মহান অৱদান : বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ বিচৰণৰ বাবে স্ব ইচ্ছাৰে ত্যাগ নিজৰ বাসস্থান :

কাৰ্বিআংলং জিলাৰ তৰাপুংবাসীৰ মহান অৱদান  :  বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ বিচৰণৰ বাবে স্ব ইচ্ছাৰে ত্যাগ নিজৰ বাসস্থান  :
Aiidesh Photo
কাৰ্বিআংলং জিলাৰ তৰাপুংবাসীৰ মহান অৱদান  :  বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ বিচৰণৰ বাবে স্ব ইচ্ছাৰে ত্যাগ নিজৰ বাসস্থান  :

কাৰ্বিআংলং জিলাৰ তৰাপুংবাসীৰ মহান অৱদান  :  বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ বিচৰণৰ বাবে স্ব ইচ্ছাৰে ত্যাগ নিজৰ বাসস্থান  :


Aiidesh News  :  16 February  :


১৯৫০ চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক সংৰক্ষিত বনাঞ্চলৰ পৰা বন্যপ্ৰাণী অভয়াৰণ্য হিচাবে ঘোষণা কৰা হৈছিল ৷ ইয়াৰো পুৰ্বে এদল কাৰ্বি মানুহ কাৰ্বি পাহাৰৰ কোনোবা কাৰ্বি লংপী নামৰ স্থানৰ পৰা নামি আহি কলিয়াবৰৰ বুঢ়াপাহাৰত বসতি আৰম্ভ কৰিছিল আৰু বসতি আৰম্ভ কৰা ঠাই টুকুৰাৰ নাম দিছিল ইংলংকিপ' ৷ বুঢ়াপাহাৰত কিছু দিন থাকি এই কাৰ্বি জনগোষ্ঠীৰ দলটোয়ে উজনিৰ কহঁৰালৈ আহিছিল আৰু এতিয়াৰ মিহিমুখৰ পৰা হাতী পাথৰলৈকে এই প্ৰসাৰিত অঞ্চলত বসতি আৰম্ভ কৰিছিল আৰু বসতি স্থানৰ নাম দিছিল কহঁৰাচ' ৷ এইয়া বোধয় ১৯৪৫ চন মানৰেই কথা ৷ 


১৯৫০ চনত কাজিৰঙা বন্যপ্ৰাণী অভয়াৰণ্য ঘোষণা আৰু ইয়াৰ সমসাময়িক সময়ত হোৱা বৰভূঁইকপৰ বাবে কহঁৰাচ' ৰ  ১৩ টা পৰিয়ালে মিহিমুখ আৰু হাতী পাথৰৰ প্ৰসাৰিত ভুখণ্ড বন্যপ্ৰাণীৰ বসতিৰ বাবে এৰি থৈ নতুন অঞ্চলৰ সন্ধানত দক্ষিনৰ কাৰ্বি পাহাৰলৈ গৈছিল গৈ ৷ নিজৰ বসতি স্থান এৰি অনাই বনাই দুৰ্গম পাহাৰ অতিক্ৰম কৰি চাৰি বছৰৰ পিচত পাহাৰৰ ওপৰৰ এটুকুৰা বিস্তৃৰ্ণ সমতল পাই বসতি স্থাপন কৰিছিল ৷ অঞ্চলটো  তৰানিৰে আৱৰা আৰু তৰাণিৰ মাজে মাজে লুনীয়া পানীৰ উঁহ থকাৰ বাবে নতুন এই বসতিস্থানৰ নাম দিছিল তৰাপুং ৷ মন কৰিবলগীয়া যে তৰা আৰু পুং দুয়োটা শব্দই অসমীয়া ৷ বোধয় ভৈয়ামৰ পৰা সদ্যহতে যোৱা কাৰ্বি দলটোয়ে ঠাই টুকুৰাৰ নাম অসমীয়াতেই তৰাপুং দিছিল আৰু কালক্ৰমত এই তৰাপুঙে হয় গৈ তাৰাপুং ৷


বন্যপ্ৰাণীৰ বসতিৰ বাবে তেতিয়াৰ কাজিৰঙা বন্যপ্ৰাণী অভয়াৰণ্য কৰ্তৃপক্ষৰ হাতত কহঁৰাচ' ৰ মিহিমুখ, হাতী পাথৰ আৰু ইয়াৰ প্ৰসাৰিত অঞ্চল এৰি তৰাপুংলৈ অহা এই কাৰ্বি দলটোৰ ১৩ টা পৰিয়ালৰ মুৰব্বী ব্যক্তি কেইজন আছিল ডিফলু টকবী, খৈয়া হাঞ্চে, ৰাম টেৰাং, লাংমাং লংপী, পং ৱে,  মিলিটাৰী ৱে, টিকি ৱে, নিহাং টেৰাং, নিহাং ক্ৰ', বুঢ়া টকবী, পাটৰ সিংনাৰ, বুৰুৱা টকবী আৰু ৰামসিং টকবী ৷ এই ১৩ জনৰ ভিতৰত তৰাপুংত এতিয়া মাত্ৰ ৰামসিং হে জীয়াই আছে যদিও বাকী ১২ জন ব্যক্তিৰ পুত্ৰ কন্যা সকলে নিজ নিজ পৰিয়াল সহ তৰাংপুঙত  প্ৰকৃতি সৈতে বসতি কৰি আছে ৷ 


১৯৫৪ চনতে স্থাপন হোৱা তৰাপুংত এতিয়া ১২ খন গাওঁ আছে ৷ এই সুদীৰ্ঘ ৭০ বছৰীয়া সময়চোৱাত উন্নয়নৰ নামত তৰাপুংত ২০১৩ চনতহে স্থাপন হ'ল এখন প্ৰাথমিক বিদ্যালয় ৷ আৰু একো নাই ৷ যাতায়ত, স্বাস্থ্য, খোৱা পানী অথবা বিজুলী যোগান এতিয়াও নাই তৰাপুংত ৷ তথাপিও সুখী তৰাপুংবাসী ৷ কাৰণ কাজিৰঙাৰ বন্যপ্ৰাণীৰ বাবে তেওঁলোকে দি থৈ আহিছে তেওঁলোকৰ বসতিস্থল ৷ ডিফলু টকবীৰ নাতি সোনেৰাণ টকবীৰ মতে কাজিৰঙাকলৈ আমিও গৌৰৱ কৰো ৷ কাৰণ কাজিৰঙাৰ মিহিমুখ বা কহঁৰাচ' লগতে বুঢ়াপাহাৰ আছিল আমাৰ উপৰিপুৰুষৰ নিৱাসস্থান ৷ কৰ্তৃপক্ষই আমাক পাহৰি গলেও কাজিৰঙাৰ বন্যপ্ৰাণী সমুহ কুশলে থাকক তাকেই আমি কামণা কৰো ৷ 


কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে স্ব ইচ্ছাই গৃহ ভুমি ত্যাগ কৰা এই সকল কাৰ্বি জনগোষ্ঠীৰ লোকক কৃতজ্ঞতাৰ চিন স্বৰূপে বন বিভাগে সন্মান জনোৱাৰ প্ৰয়োজন আছে ৷ যাতে নতুন প্ৰজন্মই এওঁলোকক এই অৱদান মনত ৰাখে ৷

*********