বোকাখাতত আৰক্ষীৰ অভিযান : চোৰাং কাঠেৰে সৈতে চাৰিজন ব্যক্তি আৰু দুখন গাড়ীও জব্দ :

বোকাখাতত আৰক্ষীৰ অভিযান : চোৰাং কাঠেৰে সৈতে চাৰিজন ব্যক্তি আৰু দুখন গাড়ীও জব্দ  :
Aiidesh Photo
বোকাখাতত আৰক্ষীৰ অভিযান : চোৰাং কাঠেৰে সৈতে চাৰিজন ব্যক্তি আৰু দুখন গাড়ীও জব্দ  :

Aiidesh News :  11 March 2024 : 

বোকাখাতৰ সীমাতে থকা কাৰ্বি আংলং জিলাৰ বিভিন্ন বনাঞ্চলৰ পৰা প্ৰতি নিশা সৰবৰাহ হোৱা চোৰাং কাঠ বোকাখাতৰ মাজেৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰলৈ সংগোপনে সৰবৰাহ হয় । ১৯৭২ চনৰ ভাৰতীয় বন্যপ্ৰাণী প্ৰতিৰক্ষা আইনৰ মতে সুৰ্যাস্তৰৰ  পিচত  বনজ সম্পদৰ সৰবৰাহ হ'ব নোৱাৰে যদিও কাৰ্বি আংলংৰ পৰা প্ৰতি নিশাই সংগোপনে চলি আহিছে এই কাৰ্য ৷ যোৱা নিশা বোকাখাত আৰক্ষীয়ে চলোৱা এক অভিযানত বোকাখাতৰ নাহৰজান অঞ্চলৰ ঢপলিয়া গাওঁত এনেদৰে সংগোপনে চোৰাং কাঠ সৰবৰাহ কৰা এখন বলেৰ' পিকআপ  গাড়ী । AS05 AC 4557 নম্বৰৰ এই বলেৰ’ গাড়ীখনে কাৰ্বি আংলংৰ পৰা চোৰাংকাঠ কঢ়িয়াই আনিছিল । গাড়ীখনৰ উপৰিও আৰক্ষীয়ে চোৰাং কাঠ সৰবৰাহত জড়িত দেৰগাঁৱৰ ৰিংকু আলী, আছিক আহমেদ, ছাহিদুৰ ৰহমান আৰু নেকিবুৰ ৰহমান নামৰ চাৰি জন ব্যক্তিক গ্ৰেপ্তাৰ কৰে । অভিযুক্ত ব্যক্তি কেইজনে ব্যৱহাৰ ব্যৱহাৰ কৰা AS05 V 3122 নম্বৰৰ আৰটিগা গাড়ীখনো বোকাখাত আৰক্ষীয়ে জব্দ কৰিছে । সম্প্ৰতি জব্দ কৰা কাঠখিনি বোকাখাত আৰক্ষীয়ে পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলকৰ বোকাখাত কাৰ্যালয়ক হস্তান্তৰ কৰে ৷ ধৃত চাৰিজন ব্যক্তিৰ বিৰুদ্ধে ভাৰতীয় বন্যপ্ৰাণী প্ৰতিৰক্ষা আইনৰ অধীনত গোচৰ ৰুজু কৰাৰ ব্যৱস্থা কৰিছে বন বিভাগে ।

*********