লোকসভাৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহন : ১০৫ নং বোকাখাত বিধানসভা সমষ্টিত ১৮৭ টা ভোট গ্ৰহণ কেন্দ্ৰত আৰম্ভ হৈছে ভোটগ্ৰহন : পুৱা ৯ বজালৈকে ভোটদানৰ হাৰ ১২.৯৭ শতাংশ :

লোকসভাৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহন :  ১০৫ নং বোকাখাত বিধানসভা সমষ্টিত ১৮৭ টা ভোট গ্ৰহণ কেন্দ্ৰত আৰম্ভ হৈছে ভোটগ্ৰহন  : পুৱা ৯ বজালৈকে ভোটদানৰ হাৰ ১২.৯৭ শতাংশ :
Aiidesh Photo
লোকসভাৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহন :  ১০৫ নং বোকাখাত বিধানসভা সমষ্টিত ১৮৭ টা ভোট গ্ৰহণ কেন্দ্ৰত আৰম্ভ হৈছে ভোটগ্ৰহন  : পুৱা ৯ বজালৈকে ভোটদানৰ হাৰ ১২.৯৭ শতাংশ :

Aiidesh News  : 19 April - 2024 : 

আজি পুৱাৰে পৰা ১০ নং কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত ১০৫ নং বোকাখাত বিধানসভা সমষ্টিৰ ভোট গ্ৰহণ আৰম্ভ হৈছে ৷ আজিৰ এই ভোটগ্ৰহন সুচাৰূপে পৰিচালনা কৰাৰ বাবে প্ৰতিটো কেন্দ্ৰত যোৱা কালিয়েই গৈ উপস্থিত হৈছিল ভোট গ্ৰহণকাৰীৰ দল । প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহনৰ বাবে আজি পুৱাৰে পৰা সমষ্টিটোৰ প্ৰায়বোৰ কেন্দ্ৰতেই ভোটাৰৰ উৎসাহ দেখিবলৈ পোৱা গৈছে ৷ পুৱা ৯ বজালৈকে বোকাখাত ভোটগ্ৰহনৰ হাৰ হৈছে ১২.৯৭ শতাংশ ৷ ইফালে বোকাখাতৰ ১৫১ নং বিহৰা মিকিৰচাং প্ৰাথমিক বিদ্যালয় ভোট গ্ৰহন কেন্দ্ৰত ই ভি এম মেচিনৰ বিজুতিৰ বাবে প্ৰায় দুঘণ্টা সময় ভোটদান প্ৰক্ৰিয়া স্থগিত ৰাখিব লগীয়া হয় ৷ পৰৱৰ্তী সময়ত বিভাগীয় বিষয়াসকল উপস্থিত হৈ পুনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ কৰে। একেদৰে ই ভি এমৰ বিজুতিৰ বাবে নুমলীগড়ৰ ১৩১ নং ধলা কছাৰী  প্ৰাথমিক  বিদ্যালয়ৰ ভোট  গ্ৰহণ  কেন্দ্ৰতো প্ৰায়  ১ ঘন্টা  সময় ধৰি  বন্ধ হৈ  থাকে ভোটগ্ৰহন প্ৰক্ৰিয়া।  পিচত নতুন  ই ভি এম যোগান  ধৰিহে  ভোট  গ্ৰহণ  আৰম্ভ কৰা হয় ।

উল্লেখ্য যে ১০ নং কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত ১০৫ নং বোকাখাত বিধানসভা সমষ্টিত আছে মুঠ ১৮৭ টা ভোট গ্ৰহণ কেন্দ্ৰ । প্ৰতি কেন্দ্ৰত এজনকৈ প্ৰিজাইডিং,আৰু তিনি জনকৈ প'লিং বিষয়া নিয়োগ কৰা হৈছে । ৰিজাৰ্ভত ৰখা হৈছে ২০ শতাংশ  দল । ইয়াৰে ১৫ টা ভোটগ্ৰহন কেন্দ্ৰ পৰিচালনা কৰিছে কেৱল মহিলা বিষয়াই । দুটা আদৰ্শ কেন্দ্ৰও স্থাপন কৰা হৈছে ।  ১০৫ বোকাখাত বিধান সভা সমষ্টিৰ ১,৫৮,৪২০ গৰাকী ভোটাৰে আজি এই কেন্দ্ৰ বোৰত ভোটাদানৰ সুবিধা লাভ কৰিব । ইয়াৰে ৭৭,৮৩০ গৰকী পুৰুষ, ৮০,৫৮৮ গৰাকী মহিলা, আৰু দুগৰাকী আছে তৃতীয় লিঙ্গৰ ভোটাৰ । ইয়াৰ ভিতৰত আছে ৩৪৪৫ গৰাকী নতুন ভোটাৰো । 

**********