কাজিৰঙাৰ দ্বিতীয় সংযোজন এলেকাৰ ভুমি অধিগ্ৰহন জাননীৰ বিৰুদ্ধে বোকাখাতত প্ৰতিবাদ : শিৱসাগৰৰ বিধায়ক তথা কৃষক নেতা অখিল গগৈৰ নেতৃত্বত সহস্ৰাধিক লোকৰ প্ৰতিবাদী :

কাজিৰঙাৰ দ্বিতীয় সংযোজন এলেকাৰ ভুমি অধিগ্ৰহন জাননীৰ বিৰুদ্ধে বোকাখাতত প্ৰতিবাদ  : শিৱসাগৰৰ বিধায়ক তথা কৃষক নেতা অখিল গগৈৰ নেতৃত্বত সহস্ৰাধিক লোকৰ প্ৰতিবাদী :
Aiidesh Photo

Aiidesh News  : 17 October  2023 :

কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু জীপাল কৃষক শ্ৰমিক সংঘৰ নেতৃত্বত সহস্ৰাধিক লোকৰ অংশগ্ৰহনেৰে ১৭ অক্টোবৰত বোকাখাতত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দ্বিতীয় সংযোজনৰ ভুমি অধিগ্ৰহনৰ জাননীৰ বিৰোধিতাৰে এক প্ৰতিবাদী সমদল বাহিৰ হয় ৷  এই প্ৰতিবাদী কাৰ্যসুচীত অংশগ্ৰহন কৰি বিধায়ক তথা কৃষক নেতা অখিল গগৈয়ে কাজিৰঙাৰ দ্বিতীয় সংযোজন এলেকাৰ পৰা কোনো কাৰণতে খিলঞ্জীয়া লোক সকলক অপসাৰিত কৰিবলৈ দিয়া ন'হব বুলি মন্তব্য কৰে ৷  ১৯৭২ চনতেই বানাক্ৰান্ত ভুমিহীন লোকক এই এলেকাত চৰকাৰেই সংস্থাপিত কৰি এতিয়া এই সকল লোককেই ভুমি অধিগ্ৰহনৰ নামত ৭ লাখ ৩৬ হেজাৰ টকাকৈ ক্ষতিপুৰণ দি অপসাৰিত কৰাৰ বাবে যি জাননী জাৰি কৰিছে তাৰ কেতিয়াও হ'বলৈ দিয়া নহ'ব বুলিও অখিল গগৈয়ে মন্তব্য কৰে ৷ অখিল গগৈৰ ভাষ্য - এই প্ৰসংগত মই নিজেই মুখ্যমন্ত্ৰীক অৱগত কৰিছো আৰু মুখ্যমন্ত্ৰীয়ে মিউচুৱেলি চাটলমেন্ট কৰা হ'ব বুলিও জনাইছে ৷

উল্লেখ্য যে ১৯৮৫ চনৰ ১০ জুলাইত কৰা ৰাজপত্ৰিত ঘোষণা এফ আৰ এচ- ১৯৭/৮৫/৯ মতে ১৯৭২ চনৰ ভাৰতীয় বন্যপ্ৰাণী প্ৰতিৰক্ষা আইনৰ ৩৫ দফাৰ উদ্বৃতিৰে কাজিৰঙাৰ ২ নং শিলডুবি আৰু বৰবিল আদি অঞ্চল সামৰি মুঠ ৬৪৬.৯৮ হেক্টৰ ভুমিক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দ্বিতীয় সংযোজন হিচাবে ঘোষণা কৰা হৈছিল ৷ সুদীৰ্ঘ ৩৮ বছৰৰ শেষত ৰাজহ বিভাগে এই প্ৰসাৰিত অঞ্চল আনুষ্ঠানিক ভাৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক হস্তান্তৰিত কৰিবৰ বাবে বোকাখাত মহকুমা প্ৰাশাসনৰ ভুমি অধিগ্ৰহন শাখাই যোৱা ৯ অক্টোবৰত এই অঞ্চলত বাস কৰা লোকক বিভাগীয় ক্ষতিপূৰণ গ্ৰহন কৰি এই অঞ্চল স্থানান্তৰিত কৰাৰ বাবে বি আৰ কিউ ৬/২০২৩/২১ নং জাননী জাৰি কৰিছিল ৷

এই জাননীৰ পোৱা পিচতেই অঞ্চলটোৰ বাসিন্দা সকল জাঙুৰ খাই উঠিছে ৷ কোনো কাৰণতে এই ভুমিৰ পৰা নৃগোষ্ঠীয় থলুৱা লোকক উচ্চেদ কৰিবলৈ দিয়া ন'হব বুলি জনাই বিভিন্ন দল সংগঠনৰ নেতৃত্বত বাসিন্দা সকলে এই জাননীৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰিছে ৷ আজি এই ভুমি অধিগ্ৰহনৰ জাননীৰ প্ৰতিবাদত বোকাখাতত এক প্ৰতিবাদী কাৰ্যসুচী ৰূপায়ণ কৰে স্থানীয় লোক সকলে ৷ সহস্ৰাধিক থলুৱা লোকে অংশগ্ৰহন কৰা এই প্ৰতিবাদী সমদলত শিৱসাগৰৰ বিধায়ক তথা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ, জীপাল কৃষক শ্ৰমিক সংঘৰ উপদেষ্টা সোনেশ্বৰ নৰহ, উপৰিও চাহ জনজাতিৰ বিষয় ববীয়াইও অংশ গ্ৰহন কৰে ৷ বোকাখাতৰ লতাবাৰীৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদী সমদল আহি বোকাখাতৰ মহকুমাধিপতিৰ কাৰ্যলয়ত সমবেত হৈ উল্লেখিত ভুমি কোনো কাৰণতে দিয়া নহব বুলি জনায় প্ৰতিবাদ সাব্যস্ত কৰে ৷ পিচত বোকাখাতৰ মহকুমাধিপতিৰ প্ৰতিনিধিৰ হাতত এই ভুমি অধিগ্ৰহনৰ জাননী বাতিল কৰাৰ দাবীত মুখ্যমন্ত্ৰীলৈ বুলি স্মাৰক পত্ৰ প্ৰদান কৰে ৷

********