বোকাখাতত বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস :

বোকাখাতত বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস  :
Aiidesh Photo
বোকাখাতত বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস  :

Aiidesh News  : 11 September 2024  : 

গোলাঘাট হেল্থ চ'চাইটি আৰু বোকাখাত মহকুমা স্বাস্থ্য বিভাগৰ উদ্যোগত ১০ ছেপ্তেম্বৰত বোকাখাত উপ জিলাৰ কুৰুৱাবাহীত বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস উদযাপন কৰা হয় ৷ কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজিত এই দিৱসৰ কাৰ্যসুচীত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ উপৰিও স্থানীয় লোকো উপস্থিত থাকে ৷ অনুষ্ঠানত বিদ্যালয়খনৰ অধ্যক্ষা টুটু মনি নাথ, বোকাখাত মহকুমা চিকিৎসালয়ৰ চিকিৎসা বিষয়া ডাঃ নৱজ্যোতি নাথ, ডাঃ মৌচুমী সিনহা, এড’লচেন্ট কাউঞ্চেলৰ নিতুমনি ডেকা, ক্লিনিকেল চাইক’লজিষ্ট বুলতি শইকীয়া, ফাৰ্মাচিষ্ট হেমন্ত হাজৰিকা আৰু পৰিচাৰিকা বিজয়া ৰাজোৱাৰা উপস্থিত থাকে ৷

নতুন প্ৰজন্মৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত এই সজাগতা কাৰ্যসুচীত জেষ্ঠ চিকিৎসক ডা৹ নৱজ্যোতি নাথ আৰু মনোৰোগ বিশেষজ্ঞ বুলতি শইকীয়াই সমাজত গা কৰি উঠা আত্মহত্যাৰ প্ৰৱনতাৰ বিভিন্ন দিশৰ লগতে প্ৰতিৰোধৰ উপায় সম্পৰ্কত বিস্তৃত আলোচনা আগবঢ়ায় ৷ এনেধৰণ সজাগতাই নতুন প্ৰজন্মক আত্মহত্যাৰ ব্যাধিৰ পৰা মুক্ত কৰাত সহায় কৰিব বুলি মনেতবেয কৰে অধ্যক্ষা টুটুমনি দত্তই  ৷ 

*********