পুৱা ১১ বজালৈকে বোকাখাতত লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহন হাৰ হৈছে ২৯ শতাংশ : লহৰে চাপৰিত ৪০ শতাংশ :

পুৱা ১১ বজালৈকে বোকাখাতত লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহন হাৰ হৈছে ২৯ শতাংশ  : লহৰে চাপৰিত ৪০ শতাংশ  :
Aiidesh Photo
পুৱা ১১ বজালৈকে বোকাখাতত লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহন হাৰ হৈছে ২৯ শতাংশ  : লহৰে চাপৰিত ৪০ শতাংশ  :

Aiidesh News : 19 April - 2024 : 

লোকসভাৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহনত আজি  ১০৫ নং বোকাখাত বিধানসভা সমষ্টিত ১৮৭ টা ভোট গ্ৰহণ কেন্দ্ৰত পুৱা ১১ বজালৈকে মুঠ ২৯ শতাংশ লোকে মতদান কৰিছে বুলি নিৰ্বাচনী কাৰ্যালয়ে অৱগত কৰিছে ৷ ইয়াৰ বিপৰীতে বিধানসভা সমষ্টিটোৰ ব্ৰহ্মপুত্ৰৰ মাজৰ লহৰে চাপৰিৰ ২ নং বৰবালি লহৰে গৰুমৰা প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহন কেন্দ্ৰত পুৱা ১১ বজালৈকে ভোটদানৰ হাৰ হৈছে প্ৰায় ৪০ শতাংশ ৷ এই প্ৰতিবেদন প্ৰস্তুত কৰা সময়লৈকে বোকাখাত সমষ্টিত ভোটগ্ৰহন শান্তিপূৰ্ণ বুলি জানিব পৰা গৈছে ৷ ইফালে বোকাখাতৰ জ্যোতি বিদ্যাপীঠৰ ভোটগ্ৰহন কেন্দ্ৰত নিজৰ মতদান সাব্যস্ত কৰে কেবিনেট মন্ত্ৰী তথা বোকাখাত সমষ্টিৰ বিধায়ক অতুল বৰাই আৰু কাজিৰঙাত ভাৰতীয় জনতা পাৰ্টীৰ জিলা সভাপতি দেৱপ্ৰদীপ বৰাই পুৱাতেই ভোটাদান কৰে ৷ ইফালে বোকাখাত প্ৰায়বোৰ ভোটগ্ৰহন কেন্দ্ৰতে সময়ৰ নাটনিৰ অজুহাত দেখুৱাই স্বাক্ষৰ ভোটাৰকো বুঢ়া আঙুলিৰ চাপ বা টিপ চহী দিবলৈ বাধ্য কৰোৱাৰ অভিযোগ পোৱা গৈছে ৷

*******