মীন বিভাগৰ উদ্যোগত বোকাখাতৰ মীন পামত পৌনিক মাছৰ পোনা উৎপাদন কেন্দ্ৰৰ উদ্বোধন :

মীন বিভাগৰ উদ্যোগত বোকাখাতৰ মীন পামত পৌনিক মাছৰ পোনা উৎপাদন কেন্দ্ৰৰ উদ্বোধন :
Janasonyug

Aiidesh News  : 24 August 2023  :

বোকাখাত সমষ্টিৰ বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাই ২৪ আগষ্টৰ বিয়লি বোকাখাতৰ ১ নং ৱাৰ্ডত  থকা বিভাগীয় মীন পামত মাছৰ পোনাৰ উৎপাদন কেন্দ্ৰৰ উদ্বোধন কৰে ৷ গোলাঘাট জিলা মীন বিভাগৰ সৌজন্যত বিশ্ববেংকৰ অৰ্থ সাহাৰ্যৰে কৰা মাছৰ পোনা উৎপাদনৰ এই কেন্দ্রটো নিৰ্মান কৰা হৈছে ৷ 

মাছৰ পোনা উৎপাদনৰ এই কেন্দ্রটো উদ্বোধন কৰি অতুল বৰাই কয় যে বোকাখাত নগৰৰ ১নং ৱাৰ্ডৰ প্ৰায় ৭ হেক্টৰ ভূমিত প্ৰসাৰিত বিভাগীয় এই মীন পামখনৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি উচ্চ প্ৰযুক্তিৰ প্ৰয়োগেৰে এক লাভজনক উদ্যোগলৈ পৰিৱৰ্তন কৰাৰ বাবে এই ব্যৱস্থা কৰা হৈছে । বোকাখাতৰ এই মীন পামখনক উজনি অসমৰ প্ৰথমটো পৌনিক মাছৰ পোনা উৎপাদন কেন্দ্ৰ হিচাপে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিবলৈ পাই অত্যন্ত আনন্দিত হৈছোঁ বুলিও তেওঁ মন্তব্য কৰে ।

কৃষি মন্ত্ৰী অতুল বৰাৰ মতে বোকাখাতৰ এই কেন্দ্ৰটোত উৎপাদন হ'বলগীয়া গুণগত উন্নত প্ৰজাতিৰ মাছৰ পোনা আৰু ইয়াৰ যোগানৰ জৰিয়তে সমগ্ৰ উজনি অসমৰ মীন পালকসকল যথেষ্ট উপকৃত হ’ব । 

৪.৫৪ হেক্টৰ জলভূমি থকা বোকাখাতৰ এই মীন পাম খনত উন্নত মানদণ্ডৰ এটা মীন পালন সম্পৰ্কীয় প্ৰশিক্ষণ কেন্দ্ৰ আৰু সক্ষমতা বিকাশ কেন্দ্ৰ নিৰ্মাণৰ কামো আৰম্ভ কৰা হ'ব বুলিও তেওঁ ঘোষণা কৰে ৷ বোকাখাতৰ মীন পাম খনক  সম্পূৰ্ণকৈ গঢ়ি উঠিলে বোকাখাত মীন পামখন ৰাজ্যৰ ভিতৰতে এখন আদৰ্শ মীন পাম হৈ উঠিব বুলিও অতুল বৰাই মন্তব্য কৰে ৷

২৪ আগষ্টত আয়োজিত এই শুভাৰম্ভণি অনুষ্ঠানটিত বোকাখাতৰ মহকুমাধিপতি চিমি কৰণ, ফিছফেডৰ পৰিচালন সঞ্চালক  ধ্ৰুৱজ্যোতি শৰ্মা, গোলাঘাট জিলা ভাৰতীয় জনতা পাৰ্টীৰ জিলা সভাপতি দেৱপ্ৰদীপ বৰা, অসম গন পৰিষদ দলৰ বোকাখাত সমষ্টি সমিতিৰ সভাপতি জগত কলিতা, বোকাখাত পৌৰসভাৰ উপ-পৌৰপতি ৰাণা দেৱনাথ, ৱাৰ্ড সদস্য প্ৰাঞ্জল বৰুৱাৰ উপৰিও বিভাগীয় বিষয়া, মীনপালক সকল আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ।

********