বোকাখাতৰ জে ডি এচ জি মহাবিদ্যালয়ৰ প্ৰস্তাৱিত ছাত্ৰী নিৱাসৰ শিলান্যাস স্থাপন মন্ত্ৰী অতুল বৰাৰ :

বোকাখাতৰ  জে ডি এচ জি মহাবিদ্যালয়ৰ প্ৰস্তাৱিত ছাত্ৰী নিৱাসৰ শিলান্যাস স্থাপন মন্ত্ৰী অতুল বৰাৰ :
Aiidesh photo
বোকাখাতৰ  জে ডি এচ জি মহাবিদ্যালয়ৰ প্ৰস্তাৱিত ছাত্ৰী নিৱাসৰ শিলান্যাস স্থাপন মন্ত্ৰী অতুল বৰাৰ :
বোকাখাতৰ  জে ডি এচ জি মহাবিদ্যালয়ৰ প্ৰস্তাৱিত ছাত্ৰী নিৱাসৰ শিলান্যাস স্থাপন মন্ত্ৰী অতুল বৰাৰ :

Aiidesh News : 2 March - 2026 :

বোকাখাতৰ অগ্ৰনী শিক্ষানুষ্ঠান যোগানন্দদেৱ সত্ৰাধিকাৰ গোস্বামী মহাবিদ্যালয়ত অসম চৰকাৰৰ জনজাতি পৰিক্ৰমা সঞ্চালকালয়ৰ অনুদানেৰে এটি প্ৰস্তাৱিত ছাত্ৰী নিৱাসৰ আজি শিলান্যাস কৰে বোকাখাতৰ বিধায়ক, জ্যেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰাই । মহাবিদ্যালয়ৰ খনৰ ছাত্ৰী নিৱাস শিলান্যাস কৰি মন্ত্ৰী অতুল বৰাই কয়  যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ  দূৰদৰ্শী নেতৃত্বত অসমৰ শৈক্ষিক আন্তঃগাঁথনিৰ দ্ৰুত ৰূপান্তৰ সাধন হৈছে । অসম চৰকাৰৰ জনজাতি পৰিক্ৰমা সঞ্চালকালয় (ভৈয়াম) পুঁজিৰ ১ কোটি টকাৰ আবণ্টনেৰে নিৰ্মাণ কৰিবলগীয়া এই ছাত্ৰী নিৱাসত ৪০ গৰাকী ছাত্ৰী থাকিব পাৰিব । এই পদক্ষেপে ছাত্ৰ সমাজ বিশেষকৈ গ্ৰাম্য আৰু দুৰ্গম অঞ্চলৰপৰা অহা শিক্ষাৰ্থীসকলক যথেষ্ট উপকৃত কৰিব । এই অনুষ্ঠানতে মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী সকলে নিজে প্ৰাকৃতিক ভাৱে প্ৰস্তুত কৰা আবিৰ মন্ত্ৰী গৰাকীক প্ৰদান কৰে । অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জয়ন্ত গগৈ, শিক্ষক-শিক্ষয়িত্ৰী, মহাবিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়াৰ লগতে ভালেসংখ্যক গণ্যমান্য লোক উপস্থিত থাকে ।

************