লকডাউনত আৱদ্ধ লোকসকল যাৱ পাৰিব নিজৰ ৰাজ্যলৈ

লকডাউনত আৱদ্ধ লোকসকল যাৱ পাৰিব নিজৰ ৰাজ্যলৈ
লকডাউনত আৱদ্ধ লোক

লকডাউনত দেশৰ বিভিন্ন ঠাইত আৱদ্ধ হৈ থকা প্ৰৱাসী শ্ৰমিক, পৰ্যটক, ছাত্ৰ আৰু অন্যান্যসকলৰ সন্দৰ্ভত  এক ঘোষণা কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। গৃহ মন্ত্ৰালয়ে জাৰি কৰা গাইডলাইন্সৰ মতে এই লোকসকল কিছু চৰ্তাৱলীৰ সৈতে নিজৰ ঘৰলৈ উভতিব পাৰিব। ইয়াৰ কাৰণে ৰাজ্য চৰকাৰে বাছৰ ব্যৱস্থা কৰিব। গৃহ মন্ত্ৰালয়ে বুধবাৰে গাইডলাইন জাৰি কৰি ৰাজ্যসমূহক আন ঠাইত আৱদ্ধ লোকসকলক উভতাই অনাৰ আৰু ঘুৰাই পঠিওৱাৰ নডেল প্ৰাধিকৰণ আৰু নিয়ম প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ লগতে এইলোকসকলৰ পঞ্জীকৰণৰ ব্যৱস্থাও অন্তৰ্ভুক্ত কৰাৰ নিৰ্দেশ দিয়া হৈছে।