ব্ৰহ্মপুত্ৰৰ প্ৰথমটো ঢলে প্লাৱিত কৰিব ডিব্ৰুগড়, নিমাতীঘাট আৰু ধনশিৰিমুখৰ বিস্তীৰ্ণ অঞ্চল : ২ জুলাইৰ পৰা জলপৃষ্ঠ ক্ৰমাত নিম্নগামী হোৱাৰ সম্ভাৱনা :

ব্ৰহ্মপুত্ৰৰ প্ৰথমটো ঢলে প্লাৱিত কৰিব ডিব্ৰুগড়, নিমাতীঘাট আৰু ধনশিৰিমুখৰ বিস্তীৰ্ণ অঞ্চল  : ২ জুলাইৰ পৰা জলপৃষ্ঠ ক্ৰমাত নিম্নগামী হোৱাৰ সম্ভাৱনা  :
Source - CWC.India

 

Aiidesh News  : 29 June - 2024  :

কেন্দ্ৰীয় জল আয়োগৰ তথ্য মতে ব্ৰহ্মপুত্ৰ নদীত উজনিৰ পৰা নামি অহা ঢলেয়ে ইতিমধ্যে পাচিঘাট অতিক্ৰম কৰিছে ৷ এই ঢল পাৰহৈ যোৱাৰ পিচত আজি বিয়লি উজনিৰ অৰুণাচল প্ৰদেশৰ টুটিং, ইংকিয়ং আৰু পাচিঘাটত চিয়াং নদীৰ জলপৃষ্ঠ নিম্নগামী হোৱাৰ বিপৰীতে ডিব্ৰুগড় আৰু নিমাতীঘাটত ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ উৰ্ধগামী হৈ আছে ৷ আজি বিয়লিৰ তথ্য মতে ডিব্ৰুগড়ত জলপৃষ্ঠই সংকেত সীমা অতিক্ৰম কৰাৰ বিপৰীতে নিমাতীঘাটত বিপদসীমা অতিক্ৰম কৰিছে ৷ যাৰ বাবে ধনশিৰিমুখতো জলপৃষ্ঠ বৃদ্ধি পাব ৷ পুৰ্বানুমান মতে ১ জুনত নিমাতীঘাটৰ জলপৃষ্ঠই ১৯৯১ চনৰ সৰ্বোচ্চ সীমা অতিক্ৰম কৰাৰ সম্ভাৱনা আছে ৷ ইফালে ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰ জলপৃষ্ঠই ৩০ জুনত বিপদসীমা অতিক্ৰম কৰিব ৷ পৰৱৰ্তী সময়ত ১ জুলাই নিশাৰ পৰা ডিব্ৰুগড়ত আৰু ২ জুলাই পুৱাৰে পৰা নিমাতীঘাটত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ নিম্নগামী হোৱাৰ সম্ভাৱনা আছে ৷ এনেহলে ৩ জুলাইৰ পৰা ধনশিৰিমুখতো জলপৃষ্ঠ নিম্নগামী হ'ব ৷ ২ জুলাইত উজনিৰ ঢল নিমাতীঘাট পাৰহৈ যাব আৰু ৫ জুলাইত জলপৃষ্ঠ বিপদসীমাৰ তললৈ যোৱাৰ সম্ভাৱনা আছে ৷ এনে পটভুমিত ২ জুলাইলৈকে ধনশিৰিমুখৰ জলপৃষ্ঠও উৰ্ধমুখী হৈ বিপদসীমা অতিক্ৰম কৰাৰ সম্ভাৱনা আছে ৷ ধনশিৰিমুখত বিপদসীমা অতিক্ৰম কৰিলে কাজিৰঙাৰ দ অঞ্চলবোৰ প্লাৱিত হোৱাৰ সম্ভাৱনা আছে ।

*********