আজি বিয়লি নিমাতীঘাটত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠই ১৯৯১ চনৰ উচ্চতাৰ ৰেকৰ্ড ভাঙি উৰ্ধগামী হৈ আছে : উজনিত নিম্নগামী হৈছে চিয়াং আৰু ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ :
Aiidesh News : 30 June -2024 :
আজি পুৱাৰে পৰা বিয়লিলৈকে উজনিৰ অৰুনাচলৰ টুটিং, ইকিয়ং আৰু পাচিঘাটত নিম্নগামী হৈছে চিয়াং নদীৰ জলপৃষ্ঠ ৷ টুটিংত যোৱা ১২ ঘন্টাত ২৬ মিটাৰ বৃষ্টিপাতৰ লগতে জলপৃষ্ঠ ০.২১ মিটাৰ হ্ৰাস পাইছে ৷ ইংকিয়ংত ৩১.৪৪ মিলিমিটাৰ বৃষ্টিপাতৰ বিপৰীতে জলপৃষ্ঠ ০.৫৩ মিটাৰ নিম্নগামী হৈছে ৷ একেদৰে পাচিঘাটত চিয়াং নদীৰ জলপৃষ্ঠ যোৱা ১২ ঘন্টাত ০.৫৪ মিটাৰ হ্ৰাস পাইছে আৰু ২৩৮ মিলিমিটাৰ বৃষ্টিপাত হোৱা তথ্য পোৱা গৈছে ৷
কেন্দ্ৰীয় জল আয়োগে প্ৰকাশ কৰা তথ্য মতে যোৱা ১২ ঘন্টাত ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ ০.০১ মিটাৰ বৃদ্ধি পাইছে যদিও সম্প্ৰতি জলপৃষ্ঠ বিপদসীমাৰ ০.০৯ মিটাৰ ওপৰত আছে ৷ পুৰ্বানুমান মতে জলপৃষ্ঠ স্থবিৰ হৈ নিম্নগামী হোৱাৰ সম্ভাৱনা আছে ৷
নিমাতীঘাটত যোৱা ১২ ঘন্টাত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ০.৩০ মিটাৰ বৃদ্ধি পাইছে ৷ আজি বিয়লি ৩ বজাত নিমাতীঘটত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠই ১৯৯১ চনৰ ১১ জুলাইৰ সৰ্বোচ্চ সীমা ৮৭.৩৭ মিটাৰ অতিক্ৰম কৰিছে ৷ সম্প্ৰতি নিমাতীঘাটৰ জলপৃষ্ঠ বিপদসীমাৰ ১.৮৬ মিটাৰ ওপৰত আছে ৷
একেদৰে জলসম্পদ বিভাগৰ তথ্য মতে ধনশিৰিমুখত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বিপদসীমা অতিক্ৰম কৰিছে আৰু জলপৃষ্ঠ উৰ্ধগামী হৈ আছে ৷ বিয়লিলৈ জলপৃষ্ঠ বৃদ্ধিৰ হাৰ ঘন্টাত ০.০৭ মিটাৰৰ ঠাইত ঘন্টাত ০.০৪ মিটাৰলৈ হ্ৰাস পাইছে ৷
*************