বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ'ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান :

বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ'ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান :
Aiidesh Photo
বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ'ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান :

Aiidesh News : 31 March - 2025 : 

অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰাম-এ যৌথভাৱে যোৱা ৩০ মাৰ্চত এক আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যক ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান কৰে ৷ শিলচৰৰ গান্ধী ভৱনত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই পৌৰহিত্য কৰাৰ উপৰিও তথ্য আৰু জনসংযোগ বিষয়া বাহ্নিশিখা চেতিয়াই অনুষ্ঠান উদ্বোধন কৰে ৷ অনুষ্ঠানৰ উদ্দেশ্য বাখ্যা কৰে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সম্পাদক প্ৰদীপ ডেকাই ,আদৰণী ভাষণ প্ৰদান কৰে বৰাক ভেলী মিডিয়া ফ’ৰামৰ সম্পাদক চানি ৰয়ে ৷ অনুষ্ঠানত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ কাৰ্যকৰী সভাপতি মনোজ কুমাৰ বৰঠাকুৰ, জেষ্ঠ সাংবাদিক মহুয়া চৌধুৰী,  চয়ন ভট্টাচাৰ্য, সুধন্য সিনহা আৰু বৰাক উপত্যকাৰ গৰিষ্ঠ সংখ্যক সাংবাদিক উপস্থিত থাকে ৷ সাংস্কৃতিক সংগঠন ‘মনুষ্যত্ব’ আৰু ‘তপস্যা’ৰ দ্বাৰা প্ৰদৰ্শিত গীত আৰু নৃত্য অনুষ্ঠানে অনুষ্ঠানটিক অনন্য মাত্ৰা প্ৰদান কৰে ৷ 'বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫' গ্ৰহণ কৰি তমোজ্যোতি ভট্টাচাৰ্যই দুই উপত্যকাৰ সাংবাদিকক একেলগে একেখনি মঞ্চত একত্ৰিত হোৱাৰ বাবে দুয়োটি সংগঠনলৈ কৃতজ্ঞতা জ্ঞাপন কৰে ৷ তেওঁ নিজৰ জীৱনৰ সাংবাদিকতাৰ আৰম্ভণিৰ সময়ৰ বিভিন্ন অভিজ্ঞতাৰ লগতে ভিন্ন সময়ৰ জটিল পৰিস্থিতি আৰু বৃহৎ পৰিৱৰ্তনবোৰ উল্লেখ কৰে ৷ 

বৰাক উপত্যকাৰ জেষ্ঠ সাংবাদিক মহুয়া চৌধুৰী ওৰফে শিলা মহন্তিয়ে কয় যে তেওঁ বহু বছৰ ধৰি সাংবাদিকতাৰ সৈতে জড়িত আৰু সেই সময়ত সাংবাদিকতা এক কৃতিত্বহীন বৃত্তি আছিল ৷ কিন্তু দীৰ্ঘদিন কাম কৰি অহাৰ পাছত পৰিস্থিতিৰ পৰিৱৰ্তন ঘটিছে ৷ এক প্ৰস্তাৱ যোগে অসম ৰাজ্যিক সাংবাদিক সন্থাই ৰাজ্যত সাংবাদিক সকলকৰ ওপৰত চলি থকা আৰক্ষীৰ নিৰ্যাতনৰ প্ৰতিবাদ জনায় ৷ সন্থাৰ তৰফৰ পৰা ৰাজ্য চৰকাৰক অনুৰোধ জনায় যাতে কোনো সাংবাদিকক গ্ৰেপ্তাৰৰ পূৰ্বে স্পষ্টভাৱে আইনসমূহ সংবাদ মাধ্যমক জনোৱা হয় ৷ লগতে সাংবাদিক পেঞ্চন লাভ কৰা সাংবাদিকৰ সংখ্যা বছৰি ২০ৰ পৰা ৪০ জনলৈ বৃদ্ধি কৰিবলৈও দাবী জনায় ৷ 

পৰৱৰ্তী সময়ত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ পৰা বিশেষ সাংবাদিকতাৰ বঁটা গ্ৰহণ কৰি বিশিষ্ট সাংবাদিক চয়ন ভট্টাচাৰ্যই কয় যে ছপা মাধ্যমে এতিয়া ডিজিটেল মাধ্যমৰ পৰা, বিশেষকৈ সামাজিক মাধ্যমৰ তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ৷ সেয়ে এইক্ষেত্ৰত পঢ়ুৱৈ, জনসাধাৰণ সকলোৱে সতৰ্ক আৰু সজাগ হোৱা উচিত ৷

**********