ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত প্ৰথম বাৰৰ বাবে বিৰল প্ৰজাতিৰ দেও ছাগলীৰ উপস্থিতিৰ সন্ধান : স্বয়ংক্ৰিয় কেমেৰাত পোৱা গ'ল দেও ছাগলীৰ ফটো :

ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত প্ৰথম বাৰৰ বাবে বিৰল প্ৰজাতিৰ দেও ছাগলীৰ উপস্থিতিৰ সন্ধান  : স্বয়ংক্ৰিয় কেমেৰাত পোৱা গ'ল দেও ছাগলীৰ ফটো :
Aaranyak

Aiidesh News  : 29 June - 2024  :

অসমত ৰাষ্ট্ৰীয় উদ্যান হিচাবে নতুনকৈ ঘোষণা হোৱা  ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত শেষতীয়াকৈ অতি বিৰল প্ৰজাতি তথা আন্তৰ্জাতিক প্ৰকৃতি সংৰক্ষণ সংঘই ( IUCN ) য়ে অসুৰক্ষিত স্তন্যপায়ী প্ৰাণী হিচাবে চিনাক্ত কৰা দেও ছাগলী’ৰ  প্ৰথমখন আলোকচিত্ৰৰে ৰাষ্ট্ৰীয় উদ্যানখনত দেও ছাগলীৰ উপস্থিতি নিশ্চিত কৰিবলৈ সক্ষম হৈছে ৷ দেশৰ আগশাৰীৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যক  আৰু অসম বন বিভাগে ৰাইমোনা  ৰাষ্ট্ৰীয় উদ্যানৰ পশ্চিম বনাঞ্চলত অৱস্থিত গণ্ডা বজৰুম বন শিৱিৰৰ সমীপত দুটাকৈ স্বয়ংক্ৰিয় কেমেৰা বনপ্ৰাণীৰ গতিবিধি নিৰীক্ষণৰ বাবে সংস্থাপিত কৰিছিল ৷ এই কেমেৰাই তোলা আলোকচিত্ৰতে দেও ছাগলীৰ প্ৰথখন ফটো পোৱা হয় ৷ ইয়াৰ পুৰ্বে অঞ্চলটোত দেও ছাগলীৰ উপস্থিতিৰ প্ৰমানিক তথ্য নাছিল ৷ 

দেও ছাগলীৰ উপস্থিতিৰ এই তথ্য এখন আন্তৰ্জাতিক বৈজ্ঞানিক গৱেষণা পত্ৰত প্ৰকাশ কৰে আৰণ্যকৰ জ্যেষ্ঠ বিজ্ঞানী ড০ এম ফিৰোজ আহমেদ, জ্যেষ্ঠ জীৱবিজ্ঞানী ড০ দিপাংকৰ লহকৰ, নিবিৰ মেধি, নিতুল কলিতা , কচুগাঁও বন সংমণ্ডলৰ ডি এফ অ’  ভানু সিনহা, বন বিষয়া প্ৰাঞ্জল তালুকদাৰ,বিশ্বজিৎ বসুমতাৰী, টুনু বসুমতাৰী ,ডিফুৰ অসম বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড০ ৰমি এইচ বেগম আৰু পেন্থেৰাৰ টাইগাৰ প্ৰগ্ৰেমৰ সঞ্চালক ডাঃ অভিষেক হৰিহৰে । “ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত দেও ছাগলী'ৰ আৱিষ্কাৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ দিশৰ বাবে ভাল খবৰ, আৰু আমি এই সন্ধানত ৰোমাঞ্চিত হৈছো। আমাৰ লক্ষ্য হৈছে ৰাষ্ট্ৰীয় উদ্যানত এই প্ৰজাতি আৰু অন্যান্য বন্যপ্ৰাণীক ব্যাপকভাৱে সংৰক্ষণ কৰা”, কাচুগাঁও বন সংমণ্ডলৰ ডি এফ অ’ ভানু সিনহাই জনায় ।

উল্লেখ্য যে দেও ছাগলীৰ জনসংখ্যা চুবুৰীয়া ফিবছু বন্যপ্ৰাণী অভয়াৰণ্য আৰু ভূটানৰ ৰয়েল মানাহ ৰাষ্ট্ৰীয় উদ্যানত ব্যাপকভাৱে বিস্তৃতত হোৱালৈ চায় ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানতো এই প্ৰাণীবিধৰ জনসংখ্যা পুনৰুদ্ধাৰত অৰিহণা যোগাব পাৰে । “এই সুন্দৰ প্ৰজাতিটোৰ উপস্থিতি নিশ্চিত কৰাত সহযোগিতাৰ বাবে আমি ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক আন্তৰিক ধন্যবাদ জনাইছো । ৰাইমোনা  ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্ৰাণীৰ সমৃদ্ধি আছে ৷ তাৰ মাজতে এই দেও ছাগলীৰ উপস্থিতি সংৰক্ষণৰ বাবে ভাল খবৰ বুলি  মন্তব্য কৰে আৰণ্যকৰ জ্যেষ্ঠ বিজ্ঞানী ড০ এম ফিৰোজ আহমেদে । ইফালে ভাৰত উপমহাদেশৰ হিমালয় পৰ্বতমালাৰ পৰা দক্ষিণ চীন, মূল ভূখণ্ডৰ দক্ষিণ-পূব এছিয়া আৰু সুমাত্ৰালৈকে বিভিন্ন বাসস্থানত  দেউ ছাগলী'ৰ (Capricornis sumatraensis thar) উপস্থিতি দেখা যায় । চোৰাং চিকাৰ, বাসস্থান ধ্বংস আৰু বাসস্থান হেৰুৱাৰ বাবে এই প্ৰজাতিটোৰ জনসংখ্যা খণ্ডিত, বিচ্ছিন্ন আৰু দ্ৰুতগতিত হ্ৰাস পাইছে । এই প্ৰজাতিটোৰ প্ৰাচুৰ্য্য আৰু বিতৰণৰ ওপৰত নিৰ্ভৰযোগ্য তথ্যৰ অভাৱে দীৰ্ঘম্যাদী অস্তিত্ব নিশ্চিত কৰিবলৈ ফলপ্ৰসূ সংৰক্ষণ ব্যৱস্থা হাতত লোৱাতো যথেষ্ট কঠিন বুলি আৰাণ্যকৰ জ্যেষ্ঠ সংৰক্ষণবিদ ড০ দিপাংকৰ লহকৰে উল্লেখ কৰে ।

মনকৰিব লগীয়া যে অসম চৰকাৰে ২০২১ চনৰ ০৮ জুনত ৰাইমোনা  বনাঞ্চলক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰে । প্ৰায় তিনি দশক ধৰি নৃতাত্ত্বিক ৰাজনৈতিক হিংসাৰ অন্তত ২০২০ চনত বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল (বিটিআৰ) প্ৰতিষ্ঠা কৰা হয় আৰু তেতিয়াৰ পৰাই সংৰক্ষণৰ প্ৰচেষ্টা কৰি থকা হৈছে।

**********