ৰুষ্ট প্ৰকৃতিৰ খং : ভাৰত আৰু নিউয়ৰ্কৰ পিচত ৰঙাচীনত জল প্ৰলয় , বানৰ তাণ্ডৱ : ১৫ জনৰ মৃত্যু : ৪০ হেজাৰ স্থানান্তৰিত :

Aiidesh News : 12 July 2023 :

ভাৰত আৰু নিউয়ৰ্কৰ দৰে প্ৰলয়ংকৰী বানৰ কৱলত পৰিছে চীন দেশো । ধাৰাষাৰ বৰষুণৰ বাবে সৃষ্টি হোৱা প্ৰলয়ংকাৰী বানে ইতিমধ্যেই দেশ খনৰ চিচুৱান প্ৰদেশৰ ৪০ হেজাৰ লোক স্থানান্তৰিত কৰিব লগা হৈছে । দেশখনত হোৱা প্ৰলয়ংকৰী বান আৰু বোকাৰ মাজত বহু লোক এই পৰ্যন্ত নিৰুদেশ হৈ আছে । দেশ খনৰ বিভিন্ন প্ৰান্তৰৰ পৰা ডাৱৰ বিস্ফোৰণৰ খবৰ পোৱা গৈছে আৰু বিভিন্ন প্ৰদেশত হোৱা জলপ্ৰলয়ৰ মাজৰ পৰা দুৰ্গত লোকক উদ্ধাৰৰ বাবে অভিযানো চলি আছে বুলি চীন দেশৰ সংবাদ মাধ্য়মত প্ৰকাশ । বতৰ বিজ্ঞানী সকলৰ মতে দেশখনত বৃষ্টিপাত দুদিন মান একেধাৰে চলি থকাৰ সম্ভাৱনা ।

জলবায়ুৰ আস্বাভাৱিক পৰিৱৰ্তনৰ বাবেই চীন দেশত এই জলপ্ৰলয়ৰ সৃষ্টি হোৱা বুলি বিশেষজ্ঞ সকলে মন্তব্য কৰিছে । চীন দেশৰ সংবাদ মাধ্যম চি চি টি ভিয়ে প্ৰকাশ কৰা তথ্য়মতে চিচুৱান প্ৰদেশৰ য়ান মহানগৰত যোৱা ১৪ ঘন্টাত প্ৰায় ১১.৮ ইঞ্চি বৃষ্টিপাত হোৱাৰ তথ্য় পোৱা গৈছে যাৰ বাবে প্ৰলয়ংকৰী বান আৰু পংকিল খহনীয়াৰ কৱলত পৰিছে দেশখন । বহু বাসগৃহ ধ্বংশ হৈছে ।

চি চি টি ভিয়ে দিয়া তথ্যমতে হেনান প্ৰদেশৰ ৰাজধানী জেনংঝাউ অঞ্চলতো ৰেড এলাৰ্ট জাৰি কৰা হৈছে । দেশখনৰ বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে দেশখনৰ চানচি, হেবিই, চানডঙ, জিয়াংচু, আনহুই, চিচুৱান, গানচুৰ উপৰিও তিব্বতীয় অঞ্চলত শিলাবৃষ্টি, ধুমুহাৰ লগতে ঘন্টাত ৭০ মিলি মিটাৰ বৃষ্টিপাত হোৱাৰ তথ্য় পোৱা গৈছে । এনে পটভূমিত চীনৰ উত্তৰ, মধ্য় আৰু দক্ষিনাঞ্চলত মুঠ ১৫ গৰাকী লোকৰ মৃত্যু হোৱা বুলি সংবাদ মাধ্য়মে জনাইছে ।

*************