আইচলেণ্ডৰ দক্ষিনাঞ্চলত থকা ৰাজধানী ৰেইকজাভিকৰ সমীপতে আগ্নিয়গিৰিৰ উদগিৰণ : ৬ শ মিটাৰলৈকে বিয়পিছে লাভা আৰু গেছ :

Aiidesh News : 12 July 2023 :

এলানি ভূকম্পনৰ পিচত ১০ জুলাইত আইচলেণ্ডৰ ৰাজধানী ৰেইকজাভিকৰ পৰা ৩০ কিলোমিটাৰ দুৰত্বত অৱস্থিত লিটলি হুটুৰ পৰ্বতমানাত ফাগৰাডালচফিজল আগ্নিয়গিৰি ১০ জুলাইত উদগিৰণ হৈছে । ফাগৰাডালচফিজল নামেৰে জনাজাত এই আগ্নিয়গিৰি ২০২১ আৰু ২০২২ চনত শেষৰ বাৰৰ বাবে উদ্গিৰণ হৈছিল । ৰাজধানী চহৰৰ কাষৰীয় কেফলাভিক বিমান বন্দৰৰ কাযতে হোৱা এই উদ্গিৰণে বিমান চলাচলত কোনোধৰণৰ সমস্য়াৰ সৃষ্টি কৰা নাই বুলি আইচলেণ্ডৰ কৰ্তৃপক্ষই জনাইছে । আগ্নিয়গিৰিৰ পৰা ধোৱা আৰু লাভা নিৰ্গত হৈ থকাৰ বাবে পৰ্যটকক সতৰ্ক কৰি দিছে আইচলেণ্ডৰ কৰ্তৃপক্ষই । আইচলেণ্ডৰ বতৰ বিজ্ঞানীয়ে জনোৱা মতে এই উদগিৰণক সামান্য উদগিৰণ বুলিয়েই কব পাৰি যদিও আগ্নিয়গিৰিটো এতিয়াও সক্ৰিয় হৈ আছে ।

আগ্নিয়গিৰিৰ পৰা ওলাই অহা লাভা লিটলি হুটুৰ পৰ্বতমানাৰ ৬৫৬ ফুটলৈকে প্ৰসাৰিত হৈছে । পৰ্বতমালাত হোৱাৰ বাবে এই উদগিৰণে  জনবসতি বা আন্তগাঠনিৰ এপৰত কোনো ধৰণৰ প্ৰভাৱ এতিয়ালৈকে পেলাব পৰা নাই যদিও আগ্নিয়গিৰিৰ পৰা এলাব পৰা বিষাক্ত গেছৰ বাবে উদগিৰণ থলীলৈ কোনো মানুহকে যাবলৈ অনুমতি দিয়া হোৱা নাই । অৱশ্য়ে বতাহত উৰি এহা এনে গেছে ৰাজধানী ৰেইকজাভিকৰ উত্তৰ দিশত কিছু পৰিমানে প্ৰভাৱ পেলাৱ পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে দেশ খনৰ বতৰ বিজ্ঞানীয়ে । ৰাজধানী ৰেইকজাভিক অন্তৰীপ কৰ্তৃপক্ষই এই সম্পৰ্কত সকলোকে সাৱধান কৰি জাননী জাৰি কৰিছে ।

উল্লেখ্য় যে ২০১০ চনত হোৱা উদগিৰণৰ সময়ত এই ফাগৰাডালচফিজল আগ্নিয়গিৰিৰ পৰা নিৰ্গত হোৱা ধোৱাই আকাশ চানি ধৰাৰ বাবে কেইবাদিনলৈকে কেফলাভিক বিমান বন্দৰত বিমানৰ উৰণ বন্ধ কৰি দিয়া হৈছিল। যাৰ বাবে বহু পৰ্যটক আৰু যাত্ৰী বিমান বন্দৰতে আৱদ্ধ থাকিব লগা হৈছিল ।

************