বোকাখাতৰ যোগানন্দ সত্ৰাধিকাৰ গোস্বামী মহাবিদ্যালয়ৰ হীৰক জয়ন্তীৰ সামৰণী : বৰ্নাঢ্য সাংস্কৃতিক শোভাযাত্ৰা আৰু স্মৃতিগ্ৰন্থ প্ৰতিধ্বনি উন্মোচন :
Aiidesh News : 17 October - 2025 :
বোকাখাতৰ যোগানন্দ সত্ৰাধিকাৰ গোস্বামী মহাবিদ্যালয়ৰ হীৰক জয়ন্তীৰ দুদিনীয়া কাৰ্যসুচীৰ আজি সফল সমাপ্তি হয় ৷ ১৬ অক্টোবৰৰ পৰা আৰম্ভ হোৱা এই হীৰক জয়ন্তীৰ আজি পুৱা মহাবিদ্যালয় প্ৰাংগনত বৃক্ষৰোপনেৰে দ্বিতীয় দিনৰ কাৰ্যসুচী শুভাৰম্ভ কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্র সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্র সঞ্চালক ড৹ সোণালী ঘোষে ৷ পৰৱৰ্তী সময়ত উলিওৱা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰে নুমলীগড় শোধনাগাৰৰ মুখ্য মহা প্রৱন্ধক ড৹ কাজল শইকীয়াই ৷ আকৰ্ষণীয় এই শোভাযাত্ৰাই বোকাখাত নগৰ পৰিভ্ৰমন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ৷ ইয়াৰ পিচতেই মহাবিদ্যালয়খনৰ হীৰক জয়ন্তী উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি তথা উপাধ্যক্ষ প্ৰশান্ত শইকীয়াৰ পৌৰহিত্যত মহাবিদ্যালয় খনৰ মুকলি মঞ্চত মুকলি সভা অনুষ্ঠিত হয় ৷ মুকলি সভাত মুখ্য অতিথি হিচাবে উপস্থিত থাকে অসম চৰকাৰৰ কৃষি মন্ত্ৰী তথা উদযাপন সমিতিৰ সভাপতি অতুল বৰা , ৰাজহ, দুর্যোগ ব্যৱস্থাপনা আৰু তথ্য প্রযুক্তি আদি বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্রসাদ তাছা, দেৰগাঁও বিধান সভা সমষ্টিৰ বিধায়ক ভবেন্দ্র নাথ ভড়ালী , যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য জ্যোতিপ্ৰসাদ শইকীয়া, সদৌ অসম মহাবিদ্যালয় গ্রন্থাগাৰিক সংস্থাৰ সভাপতি ড০ বিভূতি চৌধুৰী আৰু যোৰহাটৰ সাংসদ গৌৰৱ গগৈ ৷
মুকলি সভাতেই হীৰক জয়ন্তীৰ স্মৃতিগ্রন্থ প্ৰতিধ্বনি উন্মোচন কৰে মন্ত্ৰী কেশৱ মহন্তই ৷ মহাবিদ্যায় খনৰ মুখপত্ৰ জিডিএছজিয়ান আনুষ্ঠানিকভাৱে উন্মোচন কৰে সাংসদ কামাখ্যা প্ৰসাদ তাচাই ৷ সন্ধ্যালৈ বন্তি প্রজ্বলন কৰে মহাবিদ্যালয় খনৰ প্রথম বৰ্ষৰ প্ৰাক্তন ছাত্র তথা জ্যেষ্ঠ সাংস্কৃতিক কর্মী হৰিপ্ৰসাদ বৰঠাকুৰে ৷ নিশালৈ টিয়কৰ কেন্দ্ৰীয় সাংস্কৃতিক গোষ্ঠীৰ শিল্পী সকলে শিল্পী সকলে ভাওঁনা প্ৰদৰ্শন কৰে ৷ ভাওঁনা উদ্বোধন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ জয়ন্ত গগৈয়ে ৷ নিশাৰ ভাওঁনা প্ৰদৰ্শনৰ লগে লগেই যোগানন্দ দেৱ সত্ৰাধিকাৰ গোস্বামী মহাবিদ্যালয়ৰ বৰ্ষজোৰা হীৰক জয়ন্তীৰ সামৰণী পৰে ৷
*********