কৃষিমন্ত্ৰীৰ গৃহ সমষ্টিৰ জাপৰি পথাৰত শ্ৰমদান কৰি স্থানীয় লোকে নিৰ্মান কৰিব লগা হৈছে পথ :

কৃষিমন্ত্ৰীৰ গৃহ সমষ্টিৰ জাপৰি পথাৰত শ্ৰমদান কৰি স্থানীয় লোকে নিৰ্মান কৰিব লগা হৈছে পথ :
Photo : Uttam Saikia
কৃষিমন্ত্ৰীৰ গৃহ সমষ্টিৰ জাপৰি পথাৰত শ্ৰমদান কৰি স্থানীয় লোকে নিৰ্মান কৰিব লগা হৈছে পথ :

কৃষিমন্ত্ৰীৰ গৃহ সমষ্টিৰ জাপৰি পথাৰত শ্ৰমদান কৰি স্থানীয় লোকে নিৰ্মান কৰিব লগা হৈছে পথ : 


AIIDESH NEWS. 25 August : 


কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টি বোকাখাতৰ জাপৰি পথাৰ অঞ্চলত জৰাজীৰ্ণ পথ স্থানীয় লোকে শ্ৰমদান কৰি নিজেই  মেৰামতিৰ কৰিব লগা হৈছে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষতে থকা জাপৰি পথাৰ গাওঁৰ এক মাত্ৰ পথতো বিগত সময়ত কোনো ধৰণৰ চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নাই ৷ বাৰিষাতো বাদেই খৰলি কালতো জাপৰি পথাৰৰ জনসাধাৰণে অতি কষ্টৰে যাতায়ত কৰিব লগা হয় ৷ বাৰিষা কৰ্দযময় হৈ পৰা এই পথেৰে চিকিৎসাৰ বাবে  চিকিৎসালয়লৈ ৰোগীক নিয়াতো এক দুসাধ্যৰ কাম ৷ একাঠু বোকাৰে বিদ্যালয়লৈ যাব লগা হয় ছাত্ৰ ছাত্ৰী ৷ বহি বিশ্বৰ লগত সংযুক্ত এই পথৰ ওপৰত থকা একমাত্ৰ কালভাৰ্টোও নিম্ন মানৰ হোৱাৰ বাবে শেহতীয়া বানে উটুৱাই নিয়ে ৷ যাৰবাবে আৰু বেছি কষ্টকৰ হৈ পৰে গাওঁবাসীৰ জীৱন ৷ চৰকাৰী বিভাগ বা সমষ্টিৰ বিধায়ক কৃষি মন্ত্ৰী অতুল বৰাৰ অনুগ্ৰহৰ বাবে বাট নেচাই গাওঁৰ ডেকা বুঢ়া , গাভৰু মহিলা সকলো ওলায় আহি শ্ৰম দান কৰি পথ নিৰ্মান কৰে ৷ বিধান সভাৰ নিৰ্বাচনৰ পুৰ্বে ভোট বিচাৰি জাপৰি পথাৰলৈ অহা কৃষিমন্ত্ৰী অতুল বৰাই জাপৰি পথাৰৰ এই পথটো প্ৰথমতেই নিৰ্মান কৰিব বুলি ৰাইজক প্ৰতিশ্ৰুতি দিছিল যদিও এই প্ৰতিশ্ৰুতি আজিও পুৰণ নকৰিলে ৷ যাৰ বাবে এতিয়া কৃষিমন্ত্ৰী গৰাকীৰ ওপৰতো ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে ৷ উপায়হীন হৈ জাপৰি পথাৰৰ ৰাইজে এতিয়া নিজেই হাতে কামে লাগি পথ মেৰামতি কৰে ৷ জাপৰি পথাৰৰ ক্ষোভিত ৰাইজে এতিয়া জন প্ৰতিনিধিৰ ওপৰত আস্থা হেৰুৱাই আগন্তুক বিধানসভা নিৰ্বাচনত ভোট বৰ্জন কৰিব বুলি মত প্ৰকাশ কৰিছে ৷