বানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৫৫ টা বন শিৱিৰৰ তলত পানী : ১ টা নাহৰফুটুকী বাঘৰ লগতে ৩ টা পহু এনিমেল কৰিডৰত গাড়ী খুন্দাত মৃত্যু :

বানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৫৫ বন শিৱিৰৰ তলত পানী :  ১ টা নাহৰফুটুকী বাঘৰ লগতে ৩ টা পহু এনিমেল কৰিডৰত গাড়ী খুন্দাত মৃত্যু  :

Aiidesh News  :  21 June  :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ পুৱ সীমাত থকা ধনশিৰিমুখত জলপস্পদ বিভাগৰ এক জলপৃষ্ঠ নিৰ্ণায়ক স্কেল আছে ৷ বানপানীৰ সময়ত এই স্কেলে ধনশিৰিমুখত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ স্থিতি জনাত সহায় কৰে ৷ ধনশিৰিমুখত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠই বিপদসীমা অতিক্ৰম কৰি আৰু ১ মিটাৰ ওপৰলৈ উঠিলেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নদীপৰীয়া অঞ্চল বোৰত ব্ৰহ্মপুত্ৰ বাঢ়নি পানী প্ৰৱেশ কৰে ৷

যোৱা ১৭ জুনত ধনশিৰিমুখত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠই বিপদসীমা অতিক্ৰমী এক মিটাৰৰ সীমাও অতিক্ৰম কৰাৰ পিচত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ ১১ টা বন শিৱিৰৰ তলত ব্ৰহ্মপুত্ৰৰ পানী প্ৰৱেশ কৰিছিল ৷ পৰৱৰ্তী সময়ত ১৮ জুনত ৪৪ টা বনশিৱিৰ তলত পানী প্ৰৱেশ কৰে ৷ ১৯  জুনৰ পুৱাৰে পৰা জলপৃষ্ঠ হ্ৰাস হোৱাৰ পিচতো ৰাষ্ট্ৰীয় উদ্যান খনত প্ৰৱেশ কৰা বাঢ়নী পানীয়ে উদ্যান খনৰ ৫৫ টা বন শিৱিৰৰ তল প্লাবিত কৰে ৷ ইয়াৰ বিপৰীতে আজি পুৱাৰে পৰা ৰাষ্ট্ৰীয় উদ্যানখনৰ ২ টা বনশিৱিৰৰ তলৰ পানী হ্ৰাস পাইছে বুলি বিভাগীয় সুত্ৰত প্ৰকাশ ৷ 

এই সময়চোৱাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৮ টা আহত খুটীয়া পহুৰ উপৰিও ১ টা সুস্থ পহু স্থানীয় লোকে যুগলআটি গাওঁত উদ্ধাৰ কৰি কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰে  ৷ ইয়াৰ উপৰিও ৩ টা অজগৰ সাপো উদ্ধাৰ হয় ৷ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষন কেন্দ্ৰত স্বাস্থ্য পৰীক্ষাৰ পিচত ৮ টা খুটীয়া পহু আৰু অজগৰ সাপ তিনিডালো পুনৰ বনাঞ্চলত মুকলি কৰি দিয়া হয় ৷  

ইফালে এই সময়চোৱাত কাজিৰঙাৰ এনিমেল কৰিডৰত গাড়ীৰ খুন্দাত ১ টা নাহৰফুটুকী বাঘকে ধৰি ৩ টা খুটীয়া পহুৰ মৃত্যু হোৱাৰ বিপৰীতে পানীত ডুবি ১ টা পহু, অন্য কাৰণত ২ টা খুটীয়া পহু আৰু  উদ্ধাৰৰ পিচতেই ১ টা পহু মৃত্যুৰ মুখত পৰা বুলি বিভাগীয় সুত্ৰত প্ৰকাশ ৷

মন কৰিবলগীয়া যে কেন্দ্ৰীয় জল আয়োগৰ তথ্য মতে আজি পুৱাৰে পৰাই ধনশিৰিমুখত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ ০.১০ মিটাৰ হ্ৰাস পাইছে ৷ পুৰ্বানুমান মতে অহা ১২ ঘন্টাত জলপৃষ্ঠ আৰু হ্ৰাসৰ সম্ভাৱনা আছে ৷ যাৰ বাবে কাজিৰঙাৰ ভিতৰৰ আৰু বহু বনশিৱিৰ বানৰ কৱলৰ পৰা মুক্ত হোৱাৰ সম্ভাৱনা আছে ৷

*****