কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থা, কৰবেট ফাউণ্ডেচন আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাত বিশ্ব জৈৱ বৈচিত্ৰ দিৱস উদযাপন :

কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থা, কৰবেট ফাউণ্ডেচন আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাত বিশ্ব জৈৱ বৈচিত্ৰ দিৱস উদযাপন  :
Aiidesh Photo
কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থা, কৰবেট ফাউণ্ডেচন আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাত বিশ্ব জৈৱ বৈচিত্ৰ দিৱস উদযাপন  :

Aiidesh News : 22 May - 2024 :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ, কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থা আৰু কৰবেট ফাউণ্ডেচনৰ যৌথ উদ্যোগত আজি ৰাষ্ট্ৰীয় উদ্যান খনৰ কঁহৰা বনাঞ্চলৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃহত বিশ্ব জৈৱ বৈচিত্ৰ্য দিৱস পালন কৰা হয় ৷ দিনজোৰা এই কাৰ্যসুচীৰ আৰম্ভনীতেই ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালক ড৹ সোনালী ঘোষে আদৰণী ভাষণ প্ৰদান কৰি ছাত্ৰ ছাত্ৰী সকলৰ লগত মত বিনিময় কৰে ৷ জৈৱ বৈচিত্ৰতাৰ সম্পৰ্ক আলোচনা কৰে ৷ পৰৱৰ্তী সময়ত কাজিৰঙাৰ কাষৰীয় বিদ্যালয় সমুহৰ পৰা অহা ছাত্ৰ ছাত্ৰী সকলৰ মাজত চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগিতাৰ অনুষ্ঠিত কৰা হয় ৷ বিশ্ব জৈৱ বৈচিত্ৰ দিৱসৰ উপলক্ষে আয়োজিত বিশেষ অনুষ্ঠানত সমল ব্যক্তি হিচাবে অংশ গ্ৰহন কৰি পকিৱেশ কৰ্মী উত্তম শইকীয়াই সচিত্ৰ উপস্থাপনৰ জড়িয়তে ছাত্ৰ ছাত্ৰী সকলক জৈৱ বৈচিত্ৰতা ,ইয়াৰ প্ৰকাৰ, গুৰুত্ব আদিৰ বিষয়ে অৱগত কৰে ৷ 

অনুষ্ঠানত কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ হৈ জেষ্ঠ সাংবাদিক নীলপদ্ম শৰ্মা, ৰঞ্জিত ৰজক, বিতোপন বৰা, মনোজ প্ৰতীম শইকীয়া, ইমৰাণ হুছেইনৰ লগতে কাজিৰঙাৰ সংবাদ মাধ্যমৰ সদস্য সকল, কঁহৰাৰ বনাঞ্চলিক বিষয়া বিভূতি ৰঞ্জন গগৈ, কৰবেট ফাইণ্ডেচনৰ উপ সঞ্চালক ডা৹ নবীন পাণ্ডেৰ লগতে বিদ্যালয় শিক্ষক শিক্ষয়িত্ৰী সকলৰ লগতে কৰবেট ফাউণ্ডেচৰক কৰ্মকৰ্তা সকলো উপস্থিত থাকে ৷ কৰবেট ফাউণ্ডেচনৰ সমন্বয়ক দিব্যজ্যোতি শইকীয়াই আঁত ধৰা অনুষ্ঠানতে বিশ্ব জৈৱ বৈচিত্যতা দিৱস উপলক্ষে আয়োজন কৰা চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগিতাত স্থান লাভ কৰা ছাত্ৰ ছাত্ৰী সকলক মানপত্ৰ আৰু উপহাৰৰ টোপোলা প্ৰদান কৰা হয় ৷

**********