বোকাখাতৰ গড়মুৰত পথ দুৰ্ঘটনা : এজনৰ মৃত্যু :

বোকাখাতৰ গড়মুৰত পথ দুৰ্ঘটনা :  এজনৰ মৃত্যু  :
Aiidesh Photo

বোকাখাতৰ গড়মুৰত পথ দুৰ্ঘটনা :  এজনৰ মৃত্যু  :


Aiidesh News  :  4 October  :


বোকাখাতৰ গড়মূৰত সোমবাৰৰ দিনা ৩৭ নং ৰাষ্ট্ৰীয় পথত হোৱা এক পথ দূৰ্ঘটনাত এজন যুৱকৰ মৃত্যু হোৱাৰ লগতে আন এজন গুৰুত্বৰ ভাৱে আহত হয় । বোকাখাতৰ পৰা AS 05  09159 নম্বৰৰ মটৰ চাইকেলেৰে নিজ গৃহ অভিমূখে গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা AS 16 C 3988 নম্বৰৰ ট্ৰাকখনৰ সৈতে হোৱা সংঘৰ্ষত দুজন যুৱক গুৰুতৰ ভাবে আহত হয় । বোকাখাত আৰক্ষীৰ যান বাহন শাখাই আহত  যুৱক দুজনক বোকাখাত শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিছত সংকটজনক অৱস্থাত যোৰহাট মেডিকেল কলেজ চিকিৎসালয়লৈ প্ৰেৰন কৰে । আহত যুৱকদ্বয় বোকাখাত মহকুমাৰ কমাৰগাওঁ বৰবালিৰ বুলি জানিব পৰা গৈছে ৷ যুৱকদ্বয়ৰ মাজৰ দীপক ছেত্ৰী  নামৰ যুৱক জন যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত মৃত্যু হয় । দুৰ্ঘটনাত আহত কৰ্ণ বাহাদুৰ ছেত্ৰী নামৰ যুৱক জন বাতৰি লিখা সময়ত যোৰহাটত চিকিৎসাধীন হৈ আছে ।         

********