বিশ্বৰ বিভিন্ন দেশত নিষিদ্ধ পাম তেলৰ খেতিৰ বিৰুদ্ধে বোকাখাতত জীপাল কৃষক শ্ৰমিক সংঘৰ সংবাদ মেল ৷ কৃষিমন্ত্ৰী অতুল বৰাৰ নেতৃত্বত বোকাখাত সমষ্টিতো ৰূপায়ন কৰিবলৈ লোৱা পাম তেলৰ খেতিৰ তীব্ৰ বিৰুদ্ধিতা জীপালৰ :

বিশ্বৰ বিভিন্ন দেশত নিষিদ্ধ পাম তেলৰ খেতিৰ বিৰুদ্ধে বোকাখাতত জীপাল কৃষক শ্ৰমিক সংঘৰ সংবাদ মেল ৷  কৃষিমন্ত্ৰী অতুল বৰাৰ নেতৃত্বত বোকাখাত সমষ্টিতো ৰূপায়ন কৰিবলৈ লোৱা পাম তেলৰ খেতিৰ তীব্ৰ বিৰুদ্ধিতা জীপালৰ  :

Aiidesh News : 4 August 2023 :

বিশ্ব বিভিন্ন প্ৰান্তত পৰিৱেশ আৰু জৈৱতন্ত্ৰৰ বাবে ক্ষতিকাৰক বুলি বিবেচিত হোৱা পাম তেলৰ খেতি দেশৰ বিভিন্ন স্থানৰ লগতে অসমতো কৰাৰ বাবে সিধান্ত গ্ৰহন কৰিছে অসম চৰকাৰে ৷ অসমৰ কৃষি মন্ত্ৰী তথা বোকাখাতৰ বিধায়ক অতুল বৰাৰ উদ্যোগত অসমৰ ১৭ খন জিলাৰ লগতে গোলাঘাট তথা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া বোকাখাত সমষ্টিতো কৰাৰ পৰিকল্পনা কৰিছে বুলি আজি বোকাখাতত এক সংবাদ মেলৰ দ্বাৰা সদৰি কৰে বোকাখাতৰ জীপাল কৃষক শ্ৰমিক সংঘই ৷ লগতে অসমৰ লগতে বোকাখাততো এই পাম তেলৰ খেতিৰ বিৰুদ্ধিতা কৰে জীপাল কৃষক শ্ৰমিক সংঘই ৷

বোকাখাতৰ পুৱতি সাহিত্য সভা ভৱনত ৪ আগষ্টত আয়োজিত সংবাদ মেলত জীপাল কৃষক শ্ৰমিক সংঘই অসম তথা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া সকলো অঞ্চলতে এই খেতি কৰা বন্ধ কৰিবৰ বাবে দাবী জনায় । ইয়াৰ বিপৰীতে অসমৰ ভূমিৰ উৰ্বৰতা ৰক্ষা কৰা থলুৱা খেতিক ব্যৱসায়িক ভিত্তিত গঢ় দিবলৈ চৰকাৰক আহ্বান জনায় । জীপলৰ মতে পাম তেলৰ খেতি বন্ধ কৰি সকলো কৃষিভূমিত জলসিঞ্চনৰ সুবিধা প্ৰদান কৰি কৃষকক  সুলভভাবে কৃষিৰ সুবিধা চৰকাৰে প্ৰদান কৰক । অন্যথা জনগণে প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিবলৈ বাধ্য হ'ব বুলিও সংবাদ মেলত ঘোষণা কৰে । সংবাদ মেলত অংশগ্ৰহন কৰি জীপালৰ মুখ্য উপদেষ্টা সোনেশ্বৰ নৰহ, মুখপাত্ৰ প্ৰবীন পেগু আৰু  সম্পাদক জেহিৰুল আহেমেদে বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বা মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱতন্ত্ৰত ভয়ঙ্কৰ ক্ষতি কৰিব পৰা এই পাম তেলৰ খেতিৰ অসমত কৰিবলৈ লোৱা অসম চৰকাৰৰ হঠকাৰী সিধান্তৰ বিপক্ষে ৰাজ্যৰ আগশাৰীৰ প্ৰকৃতি সংগঠন আৰণ্যক, নেচাৰ্চ বেকন, বিশ্ব প্ৰকৃতি নিধি,  কৰবেট ফাউণ্ডেচন আদি সংগঠন বোৰৰ নীৰৱতাক ৰহস্যজনক বুলি মন্তব্য কৰে ৷

সংবাদ মেলত আপোনালোকৰ ফাণ্ডিং চৰকাৰে বন্ধ কৰি দিয়াৰ ভাবুকি দিব বুলিয়েই এনে মৰ্মান্তিক পৰিবেশ বিৰোধী পাম তেল খেতিৰ পোষকতা কৰিবলৈ এৰি দিব নেকি বুলি এই প্ৰকৃতি সংগঠন বোৰক প্ৰশ্ন কৰে জীপালে ৷ এই সংক্ৰান্তত মন্তব্য কৰি জীপালৰ মুখ্য উপদেষ্টা সোনেশ্বৰ নৰহে প্ৰকৃতি সংগঠন বোকৰ উদ্দেশি কয় যে - আমাৰ সন্দেহ ভুল বুলি প্ৰমাণিত কৰক অন্যথা স্থানীয় এলেকাত প্ৰকৃতিপ্ৰেমী অনুষ্ঠান বুলি কোৱাৰ নৈতিক অধিকাৰ আপোনালোকে হেৰুৱায় পেলাব বুলি মন্তব্য কৰে ৷

বোকাখাত সমষ্টিৰ গাঁৱ বোৰৰ সহজ-সৰল ৰাইজক স্বয়ং কৃষি মন্ত্ৰীয়ে  ভোজ ভাতেৰে সৈতে মেলপাতি ইতিমধ্যেই প্ৰলোভিত কৰাৰ কাম আৰম্ভ কৰি তেওঁৰ স্তাবক বাহিনীক নিয়োগ কৰিছে আৰু বোকাখাত সমষ্টিত এক বৃহৎ সভাৰ আয়োজনৰ প্ৰস্তুতি চলোৱাৰ খবৰ আমাৰ হাতত আহি পৰিছে বুলিও সংবাদ মেলত সদৰি কৰে জীপাল কৃষক শ্ৰমিক সংঘই ৷ কোনো কাৰণতেই বোকাখাত সমষ্টত পাম তেলৰ খেতি কৰিবলৈ দিয়া নহব বুলি মন্তব্য কৰি বোকাখাতৰ জনসাধাৰণকো এনে সৰ্বনাশী খেতিৰ বিৰুদ্ধে মাত মাতিবলৈ আহ্বান জনায় জীপাল কৃষক শ্ৰমিক সংঘই ৷ অনুষ্ঠানত প্ৰতিবাদী গীতেৰেও প্ৰতিবাদ সাব্যস্ত কৰে সংঘই ।

************