কেন্দ্ৰীয় জল আয়োগৰ তথ্য মতে নুমলীগড়ত বৃদ্ধি পাব ধনশিৰি নদীৰ জলপৃষ্ঠ : নদীপৰীয়া অঞ্চল প্লাৱিত হোৱাৰ সম্ভাৱনা :

কেন্দ্ৰীয় জল আয়োগৰ তথ্য মতে নুমলীগড়ত বৃদ্ধি পাব ধনশিৰি নদীৰ জলপৃষ্ঠ  : নদীপৰীয়া অঞ্চল প্লাৱিত হোৱাৰ সম্ভাৱনা  :
Source - CWC
কেন্দ্ৰীয় জল আয়োগৰ তথ্য মতে নুমলীগড়ত বৃদ্ধি পাব ধনশিৰি নদীৰ জলপৃষ্ঠ  : নদীপৰীয়া অঞ্চল প্লাৱিত হোৱাৰ সম্ভাৱনা  :

Aiidesh News  : 24 June - 2025  : 

কেন্দ্ৰীয় জল আয়োগৰ পৰা আজি বিয়লি পোৱা তথ্য মতে উজনিত চিয়াং আৰু ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পাইছে ৷ আজি পুৱাৰে পৰা পাচিঘাটত ০.১১ মিটাৰ আৰু ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ ০.১৩ মিটাৰ বৃদ্ধি পাইছে ৷ বিপৰীতে নিমাতীঘাটৰ জলপৃষ্ঠ আজি পুৱাৰে পৰা স্থবিৰ হৈ আছে ৷ ধনশিৰিমুখত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ পুৱাৰে পৰা ০.০৭ মিটাৰ হ্ৰাস পোৱাৰ লগতে নুমলীগড়ত ধনশিৰি নদীৰ জলপৃষ্ঠ পুৱাতকৈ ০.২১ মিটাৰ বৃদ্ধি পাইছে ৷

ইফালে অৰুনাচলৰ বিভিন্ন প্ৰান্তত ২৪ জুনত কিছু পৰিমানে বৃষ্টিপাত হোৱা দেখা গৈছে ৷ টুটিংত ৭৬ মিলি মিটাৰ , ইংকিয়ংত ১১০.২০ মিলি মিটাৰ, পাচিঘাটত ২৮.৮ মিলি মিটাৰ, ডিব্ৰুগড়ত ২ মিলি মিটাৰ, নিমাতীঘাটত ৬৯.৭ মিলি মিটাৰ আৰু ধনশিৰিমুখত ১২.২৫ মিলি মিটাৰ বৃষ্টিপাত হোৱাৰ তথ্য প্ৰকাশ পাইছে ৷

কেন্দ্ৰীয় জল আয়োগে দিয়া পুৰ্বানুমান মতে অহা সাত দিনত নিমাতীঘাটত জলপৃষ্ঠ নিম্নগামী হৈ ২৬ জুনলৈ জলপৃষ্ঠ পুনৰ উদ্ধগামী হৈ বিপদসীমা অতিক্ৰম কৰিব আৰু ২৭ জুনৰে পৰা পুনৰ নিম্নগামী হৈ বিপদসীমাৰ তললৈ নামাৰ পুৰ্ণ সম্ভাৱনা আছে ৷ যাৰ বাবে  ধনশিৰিমুখৰ জলপৃষ্ঠও অহা দুদিনত জলপৃষ্ঠ ঈৰ্ষৎ উৰ্ধগামী হোৱাৰ সম্ভাৱনা আছে ৷ অৱশ্য বানপানী শংকা খুৱেই কম ৷

ইফালে আগত সাতটা দিনত নুমলীগড়ত ধনশিৰি নদীৰ জলপৃষ্ঠ বৃদ্ধি পাব ৷ নুমলীগড়ত ধনশিৰি নদীৰ জলপৃষ্ঠ ২৬ জুনৰ পৰা উৰ্ধগামীহৈ ২৮ জুনত বিপদসীমা অতিক্ৰম কৰাৰ সম্ভাৱনা আছে বুলি কেন্দ্ৰীয় জল আয়োগৰ তথ্যত প্ৰকাশ ৷ এই গতিৰেই  ২৯ আৰু ৩০ জুনত ধনশিৰি নদীৰ জলপৃষ্ঠ বিপদসীমাৰ যথেষ্ট ওপৰলৈ উঠাৰ সম্ভাৱনা আছে ৷ যাৰ বাবে এই দুটা দিনত নুমলীগড়, ধোদাং, চিনাকান, হাঁহচৰা, কুৰুৱাবাহী আদি  ধনশিৰি নদী পৰীয়া ভালেমান অঞ্চল প্লাৱিত হোৱাৰ সম্ভাৱনা আছে ৷ 

**********