সমগ্ৰ ৰাজ্যৰ লগতে বোকাখাততো দিনজোৰা কাৰ্যসুচীৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন: :

সমগ্ৰ ৰাজ্যৰ লগতে বোকাখাততো দিনজোৰা কাৰ্যসুচীৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন:   :
Aiidesh Photo
সমগ্ৰ ৰাজ্যৰ লগতে বোকাখাততো দিনজোৰা কাৰ্যসুচীৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন:   :
সমগ্ৰ ৰাজ্যৰ লগতে বোকাখাততো দিনজোৰা কাৰ্যসুচীৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন:   :
সমগ্ৰ ৰাজ্যৰ লগতে বোকাখাততো দিনজোৰা কাৰ্যসুচীৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন:   :

Aiidesh News  : 20 June - 2025  :

ঐতিহ্য মণ্ডিত বোকাখাতৰ পুৱতি সাহিত্য সভাতো আজি দিনজোৰা কাৰ্যসুচীৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদ্যাপন কৰা হয় ৷ পুৱতি সাহিত্য সভাৰ উদ্যোগত বোকাখাত জিলা মইনা পাৰিজাত, সন্ধানী লেখিকা সমাৰোহ সমিতি, অসম সাংস্কৃতিক মহাসভাৰ বোকাখাত আঞ্চলিক সমিতি, বোকাখাত জিলা বিহু সুৰক্ষা সমিতিৰ সহযোগত আজি পুৱতি সাহিত্য সভাৰ প্ৰেক্ষাগৃহত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদ্যাপন কৰা হয় ৷

অসমীয়া জাতিৰ নায়ক, বিপ্লৱী মনীষাৰ প্রতীক, মানৱতাৰ পূজাৰী কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাদেৱৰ মৃত্যু তিথিত সশ্রদ্ধ প্রণিপাত জনোৱাৰ বাবে আয়োজিত এই অনুষ্ঠানৰ পুৱা পতাকা উত্তোলন কৰে পুৱতি সাহিত্য সভাৰ সভাপতি গোপিকানন্দ শইকীয়া, সন্ধানী লেখিকা সমাৰোহ সমিতিৰ সভাপতি পুতলী খাউণ্ড, বোকাখাত জিলা মইনা পাৰিজাতৰ সভাপতি কৈলাশ শইকীয়া,অসম সাংস্কৃতিক মহাসভা, বোকাখাত আঞ্চলিকৰ সভাপতি মনোৰঞ্জন সেন আৰু মনো বৰা, সভাপতি, বোকাখাত জিলা বিহু সুৰক্ষা সমিতিৰ সভাপতি মনো বৰাই ৷ পৰৱৰ্তী সময়ত বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিমূৰ্তিত মাল্যার্পণ কৰে শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ৰ স্বাস্থ্য বিষয়া ডাঃ নৱজ্যোতি নাথ, অসম নেপালী সাহিত্য সভাৰ সম্পাদক তিলক শর্মাই ৷ বন্তি প্রজ্জ্বলন কৰে পুৱতি সাহিত্য সভাৰ প্রাক্তন সভাপতি অপূৰ্ব বৰদলৈ, সদৌ অসম মইনা পাৰিজাতৰ শিশু মহীয়ান সুৰেন্দ্ৰ নাথ গগৈ আৰু পুৱতি সাহিত্য সভাৰ উপ সভাপতি দিলীপ শইকীয়াই ৷ স্মৃতি তর্পণ কৰে পুৱতি সাহিত্য সভাৰ প্ৰাক্তন সভাপতিদ্বয় ক্ৰমে নিজৰা বৰঠাকুৰ আৰু কল্পনা চেতিয়া, অসম সাংস্কৃতিক মহাসভা, বোকাখাত আঞ্চলিকৰ কাৰ্যকৰী সভাপতি পোনাৰাম গগৈ, সদৌ অসম মইনা পাৰিজাতৰ ৰাজ্যিক সদস্য ডালিমী সন্দিকৈ, চাহ জনগোষ্ঠী সাহিত্য সভা, বোকাখাত শাখাৰ সভাপতি ৰাজু ৰাজোৱাৰ আৰু মিচিং সাহিত্য সভা, বোকাখাত শাখাৰ উপ সভাপতি অৱনী বৰি ৷ 

পৰৱৰ্তী সময়ত পুৱতি সাহিত্য সভাৰ সভাপতি গোপিকানন্দ শইকীয়াৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ স্মৃতি চাৰণ সভাত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্রী সুৱৰ্ণ শইকীয়া বৰদলৈ, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতা, পুৱতি সাহিত্য সভাৰ উপদেষ্টা চৈয়দ আনিচুৰ ৰহমান, জ্যেষ্ঠ নাগৰিক সম্মিলন বোকাখাত শাখাৰ সভাপতি প্রদীপ খাউণ্ড, বিশিষ্ট সমাজকর্মী মহাবীৰ প্ৰসাদ আগৰৱালা আদি ব্যক্তি সকল উপস্থিত থাকে ৷

ইফালে বোকাখাত নাট্যমন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগতো বোকাখাত নাট্যমন্দিৰ প্ৰাংগনত দিন জোৰা কাৰ্যসুচীৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন কৰা হয় ৷ এই উপলক্ষে পুৱাৰ অনুষ্ঠানত স্মৃতি তৰ্পণ কৰে বোকাখাত নাট্য মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি দিলীপ শইকীয়াই ৷ প্ৰবীন শিল্পী হৰিপ্ৰসাদ বৰঠাকুৰ, বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি, নাট্য মন্দিৰৰ বিষয় ববীয়া আৰু উপস্থিত ৰাইজে কলাগুৰুৰ প্ৰতিছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে । পৰৱৰ্তী সময়ত স্থানীয় শিল্পী অতুল বেজবৰুৱাৰ ৰচনা আৰু পৰিচালনাৰে সঙ্গীতালেখ্য পৰিবেশন কৰে নাট্য মন্দিৰৰ সদস্য সদস্যা সকলে । সমিতিৰ জেষ্ঠ সদস্য আৰু প্ৰবীন অভিনেতা বিমান বৰুৱা,অৰুন শইকীয়া, বিপুল কলিতা, আৰু দিব্যজ্যোতি হাজৰিকাই আঁত ধৰা এই অনুষ্ঠানতে বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ সমবেত সংগীত প্ৰতিযোগিতাও অনুষ্ঠিত হয় । এই প্ৰতিযোগিতাত বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ে প্ৰথম স্থান, বোকাখাত জাতীয় বিদ্যালয়ে দ্বিতীয় স্থান আৰু বোকাখাত টাউন হাইস্কুলে তৃতীয় স্থান লাভ কৰে । অনুষ্ঠানতে অসম গন পৰিষদৰ ভাতৃ সংগঠন বোকাখাত যুৱ পৰিষদে শিল্পী জিতেন শৰ্মা ৰাজখোৱা আৰু পদ্মকেশৰ ছেত্ৰীক সম্বৰ্ন্ধনা জ্ঞাপন কৰে ৷  সম্বৰ্দ্ধনাৰ আতঁ ধৰে যুৱ পৰিষদৰ পংকজ বৰাই । 

ইফালে সমগ্ৰ ৰাজ্যৰ লগতে বোকাখাতো অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু বোকাখাত সমজিলা প্ৰশাসনৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে  বিষ্ণু ৰাভা দিৱস   উদযাপন কৰা হয় । এই উপলক্ষে পুৱাতেই সমজিলা আয়ুক্তৰ কাৰ্যালয় প্ৰাংগনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত বোকাখাত সমজিলা আয়ুক্ত শিৱানী জাৰ্ণগেল আৰু সমুহ বিষয়া, কৰ্মচাৰীয়ে পুস্পাঞ্জলিৰে অৰ্পন কৰে ৷ লগতে সমজিলা আয়ুক্তৰ কাৰ্যালয় চৌহদৰ পৰা অনুভাষ যন্ত্ৰৰ মাধ্যমত ৰাভা সংগীত পৰিবেশনৰ উদ্দেশ্যে ব্রেণ্ডিংযুক্ত এখন বাহনৰ আনুষ্ঠানিক ফ্লেগঅফ কৰে সমজিলা আয়ুক্ত শিৱানী জাৰ্ণগেলে । ইয়াৰ উপৰিও বিষ্ণু প্ৰসাদ ৰাভাৰ দিৱসৰ লগত সংগতি ৰাখি বোকাখাত সমজিলাৰ বিভিন্ন শিক্ষানুষ্ঠানত প্ৰশাসনৰ উদ্যোগত ৰাভা সংগীত, নৃত্য আৰু ৰাভাদেৱৰ জীৱনজোৰা কৰ্মৰাজিৰ ওপৰত সমল ব্যক্তিৰ দ্বাৰা বক্তৃতানুষ্ঠানৰো আয়োজন কৰা হয় । বিয়লিলৈ স্থানীয় চন্দ্ৰ নাথ বেজবৰুৱা মহাবিদ্যালয়ত নলবাৰী জিলাৰ গৰ্ডন ফিল্ডত কেন্দ্ৰীয়ভাৱে আয়োজিত বিষ্ণু ৰাভা দিৱসৰ বিশেষ অনুষ্ঠানৰো পোনপটীয়া সম্প্ৰচাৰ  প্ৰদৰ্শন কৰা হয় ।

************