কাজিৰঙাত ভূটানৰ নৃপতি জিগমে খেচাৰ নামগ্যাল ৱাংচুক : জীপচিৰে উদ্যান দৰ্শন :

 

Aiidesh News : 4 November 2023  :

দুদিনীয়া ভ্ৰমনসুচীৰে অসমলৈ অহা ভূটানৰ ৰজা জিগমে খেচাৰ নামগ্যাল ৱাংচুকে আজি কাজিৰঙাত উপস্থিত হয় ৷ গুৱাহাটীত ৩ নবেম্বৰত কামাখ্যা মন্দিৰ দৰ্শন কৰি নিশাটো গুৱাহাটীত অতিবাহিত কৰা পিচত আজি পুৱা এখন বিমানেৰে গুৱাহাটীৰ পৰা আহি যোৰাহাটত উপস্থিত হয় ভূটানৰ নৃপতি ৷ যোৰাহাটৰ পৰা গাড়ীৰে ৩৭ নং ৰাষ্ট্ৰীয় পথেৰে কাজিৰঙালৈ আহে ভূটানৰ ৰজা জিগমে খেচাৰ নামগ্যাল ৱাংচুক ৷ কাজিৰঙাৰ কঁহৰাত থকা আয়'ৰা ৰিজৰ্টত ভূটান নৃপতিক অসম চৰকাৰৰ বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, কৃষি মন্ত্ৰী অতুল বৰা, শিক্ষা মন্ত্ৰী ডা৹ ৰনোজ পেগু আৰু বন বিভাগৰ প্ৰাধান মুখ্য বন সংৰক্ষক তথা মুখ্য বন বল মহেন্দ্ৰ কুমাৰ যাদৱে কাজিৰঙালৈ আদৰণী জনায় ৷

কাজিৰঙালৈ আহি বিয়লি তেওঁ কাজিৰঙাৰ কঁহৰাৰ মিহিমুখেৰে জীপেৰে উদ্যান দৰ্শন কৰে ৷ খোলা জিপচীৰে ৰজাজনে ৰাষ্ট্ৰীয় উদ্যান খন ভ্ৰমন কৰে ৷ এই দৰ্শন কালত জিপচীত তেওঁৰ লগত সংগ দিয়ে কাজিৰঙাৰ সঞ্চালক ড৹ সোনালী ঘোষে ৷ মিহিমুখৰ প্ৰৱেশ পথতেই ভূটান নৃপতিক বন বিভাগৰ হাতীৰে আদৰণী জনায় ৷ এই জীপ চাফাৰীৰ সময়ত ৰজা গৰাকীয়ে কাঠপৰা আৰু ডাফলাং দৰ্শন চূড়াত উঠি কাজিৰঙাৰ সৌন্দৰ্য উপভোগ কৰে ৷ এই যাত্ৰাত অসম চৰকাৰৰ হৈ বনমন্ত্ৰী, কৃষিমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীও থাকে ৷ যাত্ৰাৰ শেষত তেওঁ মিহিমুখত বিভাগীয় হাতীৰ স্নান আৰু ভোজনৰ লগতে কাজিৰঙাত হোৱা সূৰ্যাস্তৰৰ দৃশ্যও উপভোগ কৰে ৷

উদ্যান দৰ্শনৰ পিচতে ভূটান নৃপতি গৰাকী পুনৰ আয়'ৰা ৰিজৰ্টলৈ ওভতি গৈ মূখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগত সৌজন্যমুলক বাৰ্তালাপ কৰে ৷ সন্ধ্যালৈ কঁহৰাৰ শতবৰ্ষ সমাৰোহ কেন্দ্ৰৰ প্ৰাংগনত ভূটানৰ ৰজাৰ সন্মাৰ্থে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আয়োজন কৰা সাংস্কৃতিক সন্ধ্যা আৰু নৈশ ভোজত অংশ গ্ৰহন কৰে ৷ এই অনুষ্ঠানত অসমৰ বিভিন্ন কলা সংস্কৃতি প্ৰদৰ্শন কৰাৰ লগতে ভূটান নৃপতিক বিভিন্ন ব্যঞ্জনেৰে নিশাৰ আহাৰ পৰিৱেশন কৰা হয় ৷ সাংস্কৃতিক অনুষ্ঠানত অসম চৰকাৰৰ উচ্চ পদস্থ বিষয়া সকলৰ লগতে আমন্ত্ৰিত বিশিষ্ট ব্যক্তি সকলে অংশ গ্ৰহন কৰে ৷ উল্লেখ্য যে ভূটানৰ নৃপতি জিগমে খেচাৰ নামগ্যাল ৱাংচুকৰ এই ভ্ৰমনত অসম চৰকাৰৰ তৰফৰ পৰা মূল্যবান বস্ত্ৰ, অসমৰ চাহপাত, কামাখ্যা মন্দিৰৰ প্ৰতিকৃতি কাহঁৰ বানবাতি আদি বিভিন্ন শিল্পকৰ্মৰ উপহাৰ দিয়া হয় ৷

৫ নৱেম্বৰৰ পুৱা কাজিৰঙাৰ পৰা ওলাই ভূটানৰ ৰজা জিগমে খেচাৰ নামগ্যাল ৱাংচুকে যোৰহাট বিমান বন্দৰৰ পৰা এখন বিশেষ বিমানেৰে মুম্বাইলৈ বুলি উৰা মাৰিব ৷

***********