মাত্ৰ চাৰিজন চিকিৎসকে চলাব লগা হৈছে বোকাখাতৰ ছহীদ কমলা মিৰি অসামৰিক চিকিৎসালয় : বিপৰীতে ১৭ চিকিৎসক অনুপস্থিত : প্ৰতিবাদত চিকিৎসালয়ৰ সমুখত জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধৰ্ণা :

মাত্ৰ চাৰিজন চিকিৎসকে চলাব লগা হৈছে   বোকাখাতৰ ছহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়  : বিপৰীতে ১৭ চিকিৎসক অনুপস্থিত  : প্ৰতিবাদত চিকিৎসালয়ৰ সমুখত জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধৰ্ণা  :
Aiidesh Photo

মাত্ৰ চাৰিজন চিকিৎসকে চলাব লগা হৈছে   বোকাখাতৰ ছহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়  : বিপৰীতে ১৭ চিকিৎসক অনুপস্থিত  : প্ৰতিবাদত চিকিৎসালয়ৰ সমুখত জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধৰ্ণা  :

Aiidesh News : 9th December : 

বোকাখাত মহকুমাৰ সদৰ স্থান বোকাখাত নগৰত অৱস্থিত ছহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ৰ সমুখত আজি অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বোকাখাত আঞ্চলিক গোটে ধৰ্ণা কাৰ্যসুচী ৰূপায়ণ কৰে ৷ মনকৰিব লগীয়া যে অসামৰিক চিকিৎসালয়খনত ২১ গৰাকী চিকিৎসক আৰু বিশেষজ্ঞ থাকিব লাগে যদিও আজিৰ তাৰিখত চিকিৎসালয় খনত মাত্ৰ ৪ জনহে চিকিৎসক আছে । গুৰুত্বপূৰ্ণ মেডিচিন বিভাগৰ চিকিৎসকৰ লগতে ১৭ গৰাকী চিকিৎসক নোহোৱাকৈয়ে চলি আছে অসামৰিক চিকিৎসালয় খন ৷

২০২০ চনৰ ৩ অক্টোবৰত মুকলি কৰা বোকাখাতৰ ছহীদ কমলা মিৰি অসামৰিক চিকিৎসালয় খনত আজিও ৰোগীৰ বীবে প্ৰয়োজনীয় সা সুবিধা ন'হল ৷ যাৰ বাবে অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বোকাখাতৰ গোটে চিকিৎসালয় খনৰ সমুখত আজি ধৰ্ণা কাৰ্যসুচী ৰূপায়ণ কৰে ৷ যুৱ ছাত্ৰ পৰিষদৰ মতে বোকাখাতৰ অসামৰিক চিকিৎসালয় খনৰ প্ৰতি অসম চৰকাৰৰ চিকিৎসা বিভাগে তিলমানো গুৰুত্ব নিদিয়ে । সঘনে সলনি হয় চিকিৎসালয় খনৰ অধীক্ষক । যাৰবাবে ক্ৰমশ: নিয়ন্ত্ৰণহীন হৈ পৰিছে চিকিৎসালয় খনৰ পৰিচালনা ৷ যুৱ ছাত্ৰ পৰিষদৰ মতে বোকাখাতৰ অসামৰিক চিকিৎসালয়ত ১৭ গৰাকী চিকিৎসকৰ লগতে বিশেষজ্ঞ চিকিৎসক আৰু লেৱৰেটৰী টেকনিচিয়ান নাই ৷ নাই আল্ট্ৰাচাউণ্ড মেচিনো ৷ বিকল হৈ পৰি আছে ই চি জি মেচিন ৷ নাৰ্চ, আৰু চাফাই কৰ্মীৰো  অভাৱ ৷ জীয়াতু ভোগিব লগা হৈছে ৰোগী সকলে ৷ সম্প্ৰতি বিভিন্ন সমস্যাৰে জৰ্জৰিত ছহীদৰ নামত উৎসৰ্গিত বোকাখাতৰ এই ছহীদ কমলা মিৰি অসামৰিক চিকিৎসালয় । যাৰ বাবে আমি আজি অৱস্থান ধৰ্মঘট কৰিবলৈ বাধ্য হৈছো বুলি মন্তব্য কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বোকাখাত আঞ্চলিক সমিতিৰ প্ৰতিবাদী কৰ্মকৰ্তাই ।

ইফালে এই যুৱ ছাত্ৰ পৰিষদৰ এই ধৰ্ণা স্থলীতে এইবাৰৰ সাহিত্যিক পেঞ্চন লাভ কৰা নিজৰা বৰঠাকুৰক জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰে ।

*******