দেশত সম্প্ৰতি ভয়াবহ ৰূপ ধাৰন কৰিছে মহামাৰী কৰোনাই

দেশত সম্প্ৰতি ভয়াবহ ৰূপ ধাৰন কৰিছে মহামাৰী কৰোনাই

ৰাজ্যত গনসংক্ৰমনৰ দিশে আগবাঢ়িছে মহামাৰী কৰোনা ৷ তেনে পৰিপ্ৰেক্ষিতত চৰকাৰে শনিবাৰে দেওবাৰে ঘোষনা কৰা সম্পূৰ্ণ লক ডাউনৰ প্ৰতি লক্ষ্য ৰাখি উজনি অসমৰ তিনিচুকীয়া চহৰত দেখিবলৈ পোৱা গল শূন্যতা ৷ আৱশ্যে ইয়াৰ মাজতেই দুই একে লক ডাউন উলংঘা কৰি এইদৰে ৰাজপথত চলালে গাড়ী মটৰ৷  লক ডাউন নমনা এনে লোকসকলৰ বাবে কঠোৰ হৈছে তিনিচুকীয়া আৰক্ষী প্ৰশাসন ৷ যি সময়ত তিনিচুকীয়া জিলাতো কৰোনাই গনসংক্ৰমনৰ দিশে আগবাঢ়িছে, তেনে সময়তো একাংশই এতিয়াও এইদৰে চৰকাৰী নীতি নিয়ম নামানি টিঘিল ঘিলাই ফুৰা দৃশ্যই এতিয়া উদিগ্ন কৰি তুলিছে তিনিচুকীয়াবাসী ৰাইজক ৷