বোকাখাতত জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫২ সংখ্যক জন্ম জয়ন্তী আৰু আজাদি কা অমৃত মহোৎসৱ উদযাপন :

বোকাখাতত জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫২ সংখ্যক জন্ম জয়ন্তী আৰু আজাদি কা অমৃত মহোৎসৱ উদযাপন  :
Aiidesh Photo

Aiidesh News  :  2 October  :

জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫২ সংখ্যক জন্ম জয়ন্তী আৰু আজাদি কা অমৃত মহোৎসৱ উপলক্ষে বোকাখাত মহকুমা প্ৰশাসন আৰু বোকাখাত পৌৰসভাৰ উদ্যোগত দেওবাৰৰ দিনা  বোকাখাতত এলানি কাৰ্যসুচী ৰূপায়ন কৰা হয় । 
পুৱাতেই বোকাখাতৰ জে. ডি. এচ. জি মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনাৰ ছাত্ৰ ছাত্ৰী আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰী সকলৰ সহযোগত অসম ৰাজ্যিক পৰিৱহন নিগমৰ বোকাখাত বাছ আস্থান পৰা ইন্দিৰা গান্ধী স্মাৰক শিশু উদ্যানলৈকে চাফাই অভিযান ৰূপায়ন কৰা হয় । পৰৱৰ্তী সময়ত নগৰৰ ইন্দিৰা গান্ধী স্মাৰক শিশু উদ্যানত আত্মসহায়ক গোট তথা ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা পেলনীয়া সামগ্ৰীৰ পৰা  নিৰ্মাণ কৰা পুনৰ ব্যৱহাৰ্য্য সামগ্ৰীৰ এক প্ৰদৰ্শনী অনুষ্ঠিত কৰা হয় । প্ৰদৰ্শনীৰ শুভউদ্বোধন কৰে  বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদৱে ৷ প্ৰদৰ্শনীত স্থানীয় চন্দ্ৰ নাথ বিজ্ঞান মহাবিদ্যালয়ৰ বিশ্বজিৎ বৰাক প্ৰথম,  নগৰৰ ২ নং ৱাৰ্ডৰ কংকন মহিলা আত্মসহায়ক গোটক দ্বিতীয় আৰু প্ৰকৃতি মহিলা আত্মসহায়ক গোটক তেওঁ লোকৰ শিল্প কৰ্মৰ বাবে তৃতীয় পুৰস্কাৰ প্ৰদান কৰা হয় । 

গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি আয়োজিত বিশেষ সভাৰ আৰম্ভণিতে মহকুমাধিপতি ডাঃ নেহা যাদৱৰ লগতে উপস্থিত আমন্ত্ৰিত বিশিষ্ট ব্যক্তি সকলে জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে । সভাত মহকুমাধিপতি ডাঃ যাদৱৰ উপৰিও জে.ডি.এছ.জি মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰৱক্তা প্ৰশান্ত শইকীয়া , বাণিজ্য বিভাগৰ প্ৰৱক্তা প্ৰশান্ত ফুকন আৰু বোকাখাতৰ জ্যেষ্ঠ সাংবাদিক ভবানন্দ কলিতা উপস্থিত থাকে ।

 সভাত বোকাখাত পৌৰসভাৰ চাফাই কৰ্মীসকলক স্বচ্ছ ভাৰত অভিযানৰ প্ৰতিক চিহ্ন থকা  টুপী, টি-চাৰ্ট বিতৰণ আৰু একোখনকৈ ফুলাম গামোছাৰে সম্বৰ্ধনা জনোৱা হয় ৷  সভাত উপস্থিত  ছাত্ৰ-ছাত্ৰীসকলৰ লগতে আত্মসহায়ক গোটৰ প্ৰতিনিধি সকলক শান্তি, সম্প্ৰীতি তথা ঐক্যৰ শপতবাক্য পাঠ কৰোৱা হয় ।

*********