দিল্লী পাব্লিক স্কুল, নুমলীগড়ৰ বাৰ্ষিক ক্ৰীড়া দিৱস উদযাপন :

দিল্লী পাব্লিক স্কুল, নুমলীগড়ৰ বাৰ্ষিক ক্ৰীড়া দিৱস উদযাপন  :
Aiidesh Photo
দিল্লী পাব্লিক স্কুল, নুমলীগড়ৰ বাৰ্ষিক ক্ৰীড়া দিৱস উদযাপন  :
দিল্লী পাব্লিক স্কুল, নুমলীগড়ৰ বাৰ্ষিক ক্ৰীড়া দিৱস উদযাপন  :

Aiidesh News  : 8 February  2024 :

দিল্লী পাব্লিক স্কুল নুমলীগড়ৰ, বাৰ্ষিক ক্ৰীড়া দিৱস ৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হয় । দিনজোৰা এই বাৰ্ষিক ক্ৰীড়া দিৱসৰ পুৱা পতাকা উত্তোলন আৰু শিখা প্ৰজ্বলনেৰে আনুস্থানিক ভাৱে উদ্ধোধন কৰে মূখ্য অতিথি তথা ‘বীৰঙ্গনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়’, গোলাঘাটৰ উপাচাৰ্য  জ্যোতিপ্ৰসাদ শইকীয়াই । উদ্ধোধনী নৃত্যৰে আৰম্ভ কৰা কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা উপস্থাপন কৰা কুজকাৱাজৰো অভিবাদন গ্ৰহণ কৰে আমন্ত্ৰিত অতিথি সকলে । অনুষ্ঠানত বিভিন্ন শিতানত বিদ্যালয়খনে লাভ কৰা সফলতাৰ বিষয়ে ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা বাৰ্ষিক প্ৰতিবেদনত পাঠ কৰা হয় । 

বাৰ্ষিক ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলে বাৰেৰহনীয়া সাংস্কৃতিক অনুস্থানো পৰিৱেশন কৰে । বিভিন্ন খেল প্ৰতিযোগিতাৰ পিচতেই বিশিষ্ট ব্যক্তিয়ে বিজয়ী ছাত্ৰ-ছাত্ৰীসকলক বঁটা প্ৰদান কৰে ৷ বিভিন্ন শাখাৰ বিভিন্ন বঁটাপ্ৰাপ্ত সকলক একোটাকৈ মেডেল আৰু মানপত্ৰ প্ৰদান কৰা হয় । এই অনুষ্ঠানতে দ্বাদশ আৰু দশম শ্ৰেণীৰ শিক্ষান্ত পৰীক্ষাত বিভিন্ন বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলকো বঁটা প্ৰদান কৰা হয় । উল্লেখযোগ্য যে ২০২২-২৩ বৰ্ষত চি বি এচ ই দশম শ্ৰেণীৰ শিক্ষান্ত পৰীক্ষাত তিনিগৰাকী ছাত্ৰীয়ে ‘অসমীয়া বিষয়’ত সম্পূৰ্ণ ১০০ শতাংশ নম্বৰেৰে বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিছিল । 

আজিৰ অনুষ্ঠানত কৰ্ম নিষ্ঠাৰে ২০ বছৰ ধৰি শিক্ষকতা কৰি থকা তিনিগৰাকী শিক্ষকক প্ৰশংসামূলক বঁটা, মানপত্ৰৰ লগতে নগদ ধনেৰে সম্বৰ্দ্ধনা জনোৱা হয় । বাৰ্ষিক ক্ৰীড়া দিৱসৰ লগতে সংগতি ৰাখি বিদ্যালয়খনৰ আলোচনী দ্যা চাইল্ড ৱৰ্ল্ডো মুকলি কৰা হয় । বাৰ্ষিক ক্ৰীড়াৰ অনুষ্ঠানত ছাত্ৰ–ছাত্ৰীসকলে পৰিবেশন কৰা মাৰ্চ ডিলো পৰিৱেশন কৰে ৷ সামৰণি অনুষ্ঠানত মুখ্য অতিথি উপাচাৰ্য  জ্যোতিপ্ৰসাদ শইকীয়াই ছাত্ৰ-ছাত্ৰীসকলক পঢ়া-শুনাৰ সমান্তৰালকৈ খেলা-ধূলাৰ মাজেৰে নিজৰ প্ৰতিভা বিকাশ কৰিবলৈ আহ্বান জনায় । দিল্লী পাব্লিক স্কুল নুমলীগড়ৰ বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতা সুচাৰুৰূপে আগবঢ়াই নিয়াত সহায় কৰা সংশ্লিষ্ট সকলো পক্ষলৈ বিদ্যালয়ৰ তৰফৰ পৰা শলাগৰ শৰাই জ্ঞাপন কৰে ৷

*******