বোকাখাতৰ বানাক্ৰান্ত অঞ্চলত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ উদ্যোগত বিনামুলীয়া পশু চিকিৎসা শিৱিৰ :

বোকাখাতৰ বানাক্ৰান্ত অঞ্চলত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ উদ্যোগত বিনামুলীয়া পশু চিকিৎসা শিৱিৰ  : 

Aiidesh News : 20 June 2023 : 

বোকাখাত মহকুমাৰ বানাক্ৰান্ত অঞ্চলৰ পশুধনৰ বাবে বোকাখাত খণ্ডৰ অন্তৰ্গত ডিফলুপথাৰ গাঁৱত আজি এক পশু চিকিৎসা ও স্বাস্থ্য শিৱিৰৰ আয়োজন কৰা হয় । গোলাঘাট জিলা পশুপালন আৰু পশু চিকিৎসা কাৰ্যালয়ৰ অধীনত আয়োজন কৰা এই পশু চিকিৎসা শিৱিৰ পৰিচালনা কৰিছিল বোকাখাতৰ ভাৰপ্ৰাপ্ত মহকুমা পশুপালন আৰু পশু চিকিৎসা বিষয়া ডা৹ দেৱব্ৰত ফুকনে ৷ 

বোকাখাতৰ খণ্ড পশু চিকিৎসা বিষয়া ড০ তন্ময় মেধি আৰু লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ  শিক্ষাৰ্থী মুৰ্চনা গগৈ , প্ৰতীক্ষা মেচৰ লগতে পশু চিকিৎসা ক্ষেত্ৰ সহায়ক দেৱাশীষ ফুকন, ক্ষেত্ৰ সহায়ক প্ৰশিক্ষাৰ্থী চিতাৰাম ছেত্ৰী, কিংশুক ৰাজ শইকীয়া, হিৰুনন্দন বৰুৱা, অৰুণ শইকীয়া, অপুৰ্ব শংকৰ বৰি, প্লাৱিতা বৰা, পাৰ্থ লইং, নম্ৰতা পৰাশৰ, ৰক্তিম শইকীয়া, স্বাগত চেতিয়া, প্ৰবীন কুটুম আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী বিশ্বনাথ ৰামচিয়ৰীয়ে এই বিনামুলীয়া পশু চিকিৎসা শিৱিৰত কৃষক সকলৰ পশুধনৰ স্বাস্থ্য পৰীক্ষা কৰে ৷

স্বাস্থ্য শিৱিৰতে গাওঁবাসী আৰু গোপালকৰ মাজত বিনামুলীয়া ঔষধ আৰু খাদ্যপ্ৰাণ বিতৰণ কৰাৰ উপৰিও লাম্পী ৰোগৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰি সকলোকে সজাগো কৰা হয় ৷ শিৱিৰত মুঠ ১৩৫ জন হিতাধিকাৰী গোপালকৰ ৭৫০ টা গৰু, ৪ টা ম'হ, ৭৪৪ টা ছাগলী আৰু ৭ টা গাহৰিক স্বাস্থ্য সেৱা প্ৰদান কৰা হয় ৷

***********