প্ৰধান মন্ত্ৰীৰ আহ্বান: ৫ এপ্ৰিলৰ নিশা ৯ বজাত ৯ মিনিটৰ বাবে বন্ধ কৰি মমবাতি, চাকি, টৰ্চ অথবা মোবাইলৰ ফ্লাচ লাইট জ্বলাওক

প্ৰধান মন্ত্ৰীৰ আহ্বান: ৫ এপ্ৰিলৰ নিশা ৯ বজাত ৯ মিনিটৰ বাবে বন্ধ কৰি মমবাতি, চাকি, টৰ্চ অথবা মোবাইলৰ ফ্লাচ লাইট জ্বলাওক

কোৰোণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ দেশবাসীলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাতিপুৱা ৯ বজাত দেশবাসীৰ বাবে এটা ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰে। ৫ এপ্ৰিলৰ নিশা ৯ বজাৰ পৰা ৯ মিনিটৰ বাবে বন্ধ কৰি দিয়ক ঘৰৰ সকলো লাইট। ঘৰৰ দুৱাৰমুখ বা বেলকনিলৈ আহি জ্বলাইক বন্তি, মমবাতি, টৰ্ছ লাইট বা ম’বাইলৰ ফ্লেছ লাইট।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় – পোহৰৰ এই মহাশক্তিৰে আমি প্ৰত্যাহ্বান জনাব লাগিব কোৰোণা ভাইৰাছক।কোৰোণাৰ বাবে যি অন্ধকাৰ অৰু অনিশ্চয়তাৰ সৃষ্টি হৈছে, সেয়া সমাপ্ত কৰি আমি পোহৰ আৰু নিশ্চয়তাৰ দিশলৈ আগবাঢ়িব লাগিব। কোৰোণাৰ অন্ধকাৰক প্ৰতিহত কৰি চৌদিশে বিয়পাব লাগিব পোহৰৰ ৰশ্মি।

২২ এপ্ৰিলত যিদৰে সকলোৱে মিলি কোৰোণাৰ বিৰুদ্ধে যুঁজ দি থকাসকলক উৎসাহিত কৰিলে সেইদৰে ৫ এপ্ৰিলৰ দিনাও সকলোৱে মিলি কোৰোণাৰ অন্ধকাৰক প্ৰত্যাহ্বান জনাবলৈ অনুৰোধ জনায় মোদীয়ে।