৮ মাৰ্চত কাজিৰঙালৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী : কাজিৰঙা দৰ্শন কৰিবলৈ অহা নৰেন্দ্ৰ মোডী হ'ব দেশৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী :

৮ মাৰ্চত কাজিৰঙালৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী  : কাজিৰঙা দৰ্শন কৰিবলৈ অহা নৰেন্দ্ৰ মোডী হ'ব দেশৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী  :
Collected
৮ মাৰ্চত কাজিৰঙালৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী  : কাজিৰঙা দৰ্শন কৰিবলৈ অহা নৰেন্দ্ৰ মোডী হ'ব দেশৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী  :

 

 Aiidesh News  : 7 March 2024 : 

অহা কাইলৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চললৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ এই উপলক্ষে প্ৰধানমন্ত্ৰী জনক আদৰিবলৈ ৰাষ্ট্ৰীয় উদ্যানখনত চলিছে যুদ্ধকালিন প্ৰস্তুতি ৷ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ লগতে গোলাঘাট জিলা প্ৰশাসনোও বোকাখাতত অস্থায়ী হেলিপেড নিৰ্মান ৷ বোকাখাতৰ পানবাৰীৰ পৰা কঁহৰালৈকে ৩৭ নং ৰাষ্ট্ৰীয় পথৰ দুয়ো কাষে বিভিন্ন সাংস্কৃতিক কাৰ্যসুচীৰো আয়োজন কৰিছে প্ৰধানমন্ত্ৰী গৰাকীক আদৰিবলৈ ৷ উল্লেখ্য যে কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান হিচাবে ঘোষণা কৰাৰ পিচত ৰাষ্ট্ৰীয় উদ্যানলৈ আনুষ্ঠানিক ভ্ৰমনসুচীৰে অহা নৰেন্দ্ৰ মোডী হ'ব প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী ৷ ইয়াৰ আগতে ১৯৫৬ চনৰ ২০ অক্টোবৰত দেশৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী জৱহৰলাল নেহেৰুয়ে কাজিৰঙা দৰ্শন কৰিছিল ৷ সেই সময়ত কাজিৰঙা আছিল অভয়াৰণ্য ৷ এই ভ্ৰমনকালত জৱহৰলাল নেহেৰুৰ লগত তেওঁৰ কণ্যা ইন্দিৰা গান্ধী আৰু জোৱাই  ফিৰোজ গান্ধীৰ উপৰিও ৫ জনীয়া এটা দলে হাতীত উঠি তেতিয়াৰ কাজিৰঙা দৰ্শন কৰিছিল ৷ জৱহৰলাল নেহেৰুৰ এই দলত সেই সময়ৰ লোকসভাৰ সদস্য অসমৰ যোগেন্দ্ৰ নাথ হাজৰিকাও আছিল ৷ উক্ত দিনা পুৱা ৫ বজাৰ পৰা ৭ বজালৈকে কাজিৰঙা দৰ্শন কৰিছিল জৱহৰলাল নেহেৰুৱে ৷ কাজিৰঙা অভয়াৰণ্যৰ ভিজিটৰ বুকত নিজহাতে স্বাক্ষৰ কৰিছিল প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷ এই তথ্য আজিও সংৰক্ষিত হৈ আছে কাজিৰঙাত ৷ কাজিৰঙাৰ শতবৰ্ষ উদযাপনৰ স্মাৰক গ্ৰন্থতো প্ৰকাশ পাইছিল সবিস্তাৰে  ৷

ইয়াৰ উপৰিও পৰৱৰ্তী সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱা লালবাহাদুৰ শাস্ত্ৰীয়ে দেশৰ যাতায়ত আৰু ৰেল বিভাগৰ মন্ত্ৰী হৈ থকা সময়ত তেতিয়াৰ অসম চৰকাৰৰ বনমন্ত্ৰী ৰামনাথ দাসৰ আমন্ত্ৰনত ১৯৫৩ চনত কাজিৰঙালৈ আহিছিল ৷ ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী হোৱাৰ আগতে ভাৰত চৰকাৰৰ পৰিকল্পনা সমিতিৰ সদস্য সচিব হিচাবে ১৯৮২ চনৰ ২৩ মাৰ্চত কাজিৰঙা দৰ্শন কৰাৰ তথ্য আছে কাজিৰঙাৰ দৰ্শনাৰ্থীৰ টোকাত ৷ ইয়াৰ বাহিৰে দেশৰ প্ৰধানমন্ত্ৰী হিচাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অহি কাজিৰঙাত নিশা কটোৱা প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী  ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আদৰণি জনাবৰ বাবে চলোৱা প্ৰশাসনীয় প্ৰস্তুতিৰ উপৰিও কেবিনেট মন্ত্ৰী অতুল বৰাৰ উদ্যোগত বোকাখাতত ১ লাখ চাকিৰে বিশেষ আদৰণি জনোৱাৰো প্ৰস্তুতি চলিছে বোকাখাতৰ ৰাজহুৱা খেল পথাৰত ৷ ইফালে কাজিৰঙালৈ প্ৰধানমন্ত্ৰী গৰাকীক আদৰণি জনায় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আন্তগাঠনি উন্নয়ন আৰু কাষৰীয় জনজীৱনৰ আৰ্থ সামাজিক উন্নয়নৰ বাবে ৫ হেজাৰ কোটি টকাৰ এক পেকেজৰ ঘোষণা কৰিবৰ বাবে প্ৰধানমন্ত্ৰী গৰাকীক আহ্বান জনাইছে অসম ৰাজ্যিক সাংবাদিক সংস্থাই ৷ লগতে কাজিৰঙাৰ কাষৰীয় জনসাধাৰণ আৰু বনকৰ্মী সকলৰ উপকাৰ হোৱাকৈ এখন আন্ত:ৰাষ্ট্ৰীয় মানদণ্ডৰ চিকিৎসালয়, অসমৰ লগতে স্থানীয় সাংবাদিক সকলৰ বাবে কেন্দ্ৰীয় কল্যান পূঁজিৰে আৰ্থিক নিৰাপত্তাৰ দিবৰ বাবে বিশেষ আঁচনিৰ ব্যৱস্থা কৰিবৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আহ্বান জনাইছে অসম ৰাজ্যিক সাংবাদিক সংস্থাই ৷

**********