বোকাখাতত অসম ৰাজ্যিক পৰিবহণ নিগমৰ ৰঙা বাছতে মুকলি হ’ল এখন ৰেষ্টুৰেন্ট :

বোকাখাতত অসম ৰাজ্যিক পৰিবহণ নিগমৰ ৰঙা বাছতে মুকলি হ’ল এখন ৰেষ্টুৰেন্ট :
Aiidesh photo

Aiidesh News : 27 February- 2026 :

বোকাখাতৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ আস্থান প্ৰংগনত পৰিবহন নিগমৰ এখন পৰিত্যক্ত ৰঙা বাছক ৰেষ্টুৰেণ্টলৈ পৰিবৰ্তন কৰি ২৬ ফেব্ৰুৱাৰীত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় । এখন ৰঙা বাছক ৰাইন’ ফুড ইক্সপ্ৰেছ নাম দি খোলা এই ৰেষ্টুৰেণ্টখন আজি পুৱা ফিটা কাটি আনুষ্ঠানিকভাৱে উন্মোচন কৰে বোকাখাত পৌৰসভাৰ পৌৰপতি ৰত্নেশ্বৰ বৰুৱাই । বোকাখাতৰ উদ্যোমী যুৱক জ্যোতিষ দাসে । ৰাইন’ ফুড ইক্সপ্ৰেছ নামৰ ৰঙা বাছৰ এই ৰেষ্টুৰেন্ট খনত উপলব্ধ হ'ব বোকাখাতৰ সুস্বাদু পেৰা আৰু কলপাতত দিয়া পুৰী । বোকাখাতৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ আস্থানত অৱস্থিত হোৱা এই বাছ ৰেষ্টুৰেন্ট খনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।

***********