বোকাখাতৰ অগ্ৰণী মহিলা ৰুণু শইকীয়াৰ ক'ভিড সংক্ৰমনত মৃত্যু :

বোকাখাতৰ অগ্ৰণী মহিলা ৰুণু শইকীয়াৰ ক'ভিড সংক্ৰমনত মৃত্যু :
Aiidesh Photo

বোকাখাতৰ অগ্ৰণী মহিলা ৰুণু শইকীয়াৰ ক'ভিড সংক্ৰমনত মৃত্যু : 


Aiidesh News  : 23 September  : 


মহিলা সৱলীকৰণৰ নেতৃত্ব লোৱা, সমাজৰ অগ্ৰণী মহিলা বোকাখাতৰ ৰুণু শইকীয়াৰ যোৱা নিশা তেজপুৰৰ এখন চিকিৎসালত মৃত্যু হয় । বিগত সপ্তাহত শাৰীৰিক ভাৱে কিছু অসুস্থ হৈ পৰা ৰুণু শইকীয়াক ১৭ ছেপ্টেম্বৰত বোকাখাত শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত  ক'ভিড টেষ্ট কৰা হয় যদিও ক'ভিড ধৰা নপৰাত  ২১ চেপ্টেম্বৰত যোৰহাটলৈ প্ৰেৰণ কৰা হয় ৷ যোৰহাটত পুনৰ ক'ভিড টেষ্ট কৰাত ক'ভিডৰ সমক্ৰমন ধৰা পৰে আৰু স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে  তেজপুৰ মেডিকেল কলেজ হস্পিতালত ভৰ্তি কৰা হয় ৷ তেজপুৰত চিকিৎসাধীন অৱস্থাতে বুধবাৰৰ  সন্ধিয়া ৰুণু শইকীয়াৰ মৃত্যু হয় । ক'ভিড বিধি মানি বৃহস্পতি বাৰৰ পুৱা বোকাখাতৰ লতাবাৰী শ্মশানত ৰুণু শইকীয়াৰ শেষকৃত্য সম্পন্ন কৰা হয় ৷ 


মৃত্যুৰ সময়ত ৰুণু শইকীয়াই নিজৰ স্বামী, আৰু একমাত্ৰ পুত্রক এৰি থৈ যায় । ৰুণু শইকীয়া বোকাখাতৰ হস্পিতাল ৰোডৰ স্থায়ী বাসিন্দা  আছিল আৰু সদৌ অসম হস্ত তাঁত সমবায় সন্থাৰ উপ সভানেত্রীৰ লগতে গোলাঘাট জিলা হস্ত তাঁত সমবায় সন্থাৰ সভানেত্রী, ১ নং পৰঙ্গনীয়া বোৱা-কটা সমবায় সমিতিৰ সম্পাদিকা আৰু বোকাখাত মহিলা কোষৰ সম্পাদিকাৰ দায়িত্বত আছিল । ২০১৯ চনৰ ২৬ জানুৱাৰীত বোকাখাত মহকুমা প্ৰশাসনে বিশিষ্ট সমাজকৰ্মী তথা সুদক্ষ বস্ত্র উদ্যোগী হিচাপে সম্বৰ্ধনা জনোৱা  ৰুণু শইকীয়াক বোকাখাতৰ স্বেচ্ছাসেৱী সংগঠন গ্ৰাছে "গ্ৰাছ ৱ'মেন এৱাৰ্ড" বঁটাও প্ৰদান কৰিছিল ৷   


ৰুণু শইকীয়াৰ মৃত্যুত বোকাখাত মহকুমা সাংবাদিক সংস্থা, বোকাখাত প্ৰেছ ক্লাব, ইমজা, কাজিৰঙা নিউজ নেটৱৰ্ক, বোকাখাত নাট্য মন্দিৰ, ,মহকুমা পালনাম সমিতি, কুৰুৱাবাহী যুৱক সংঘ, প্ৰথম পৰঙণীয়া বোঁৱা কটা সমবায় সমিতি, কুৰুৱাবাহী মহিলা সংঘ, তেজীমলা মহিলা সমিতকে ধৰি বিভিন্ন সংগঠনে শোক প্ৰকাশ কৰিছে ।

************