বোকাখাতত গোৰ্খা সম্প্ৰদায়ৰ তীজ উৎসৱ : বিবাহিত জীয়ৰীৰ সমন্বয়ৰ ব্যতিক্ৰমী পৰম্পৰা :

বোকাখাতত গোৰ্খা সম্প্ৰদায়ৰ তীজ উৎসৱ  : বিবাহিত জীয়ৰীৰ সমন্বয়ৰ ব্যতিক্ৰমী পৰম্পৰা :
Aiidesh Photo

Aiidesh News  : 16 September 2024 :

পবিত্ৰ ভাদ মাহত গোৰ্খা সম্প্ৰদায়ে আয়োজিত কৰে এক ব্যতিক্ৰমী পৰম্পৰা ৷ এই পৰম্পৰা অনুসৰী দূৰ দুৰণিলৈ বিয়া দিয়া জীয়ৰী সকলক নিজৰ ভাতৃয়ে মাতি আনে পিতৃ-মাতৃৰ গৃহলৈ । পিতৃ-মাতৃ গৃহত পৰম্পৰাগত ভাবে উদযাপিত হয় তীজ উৎসৱৰ । এই তীজ উৎসৱত সৰুৰেপৰাই একেলগে থাকি বৈবাহিক সূত্ৰে  বিভিন্ন ঠাইত থকা জীয়ৰী সকল একলগ হয় । শৈশৱ কৈশোৰ যৌৱনকাল একেলগে খেলা ধূলা কৰি পাৰ কৰা সমনীয়া সকল একেলগ হয়। আনন্দত আত্মহাৰা হয় সকলো । এগৰাকীয়ে আন গৰাকীৰ খবৰ লয়। অতীতৰ স্মৃতি ৰোমন্থন কৰি আনন্দত হাঁহে, আনন্দতে ইগৰাকীয়ে সিগৰাকীৰ ডিঙিত ধৰি কান্দে। ইয়াৰ লগতে নিজৰ স্বামীৰ মঙ্গল কামনাৰে "নিৰ্জলা" , অৰ্থাৎ এটুপীও জল নোখোৱাকৈ ৰাখিব লাগে কঠোৰ ব্ৰত । 

গোৰ্খা সকলৰ মতে ভগৱান শিৱৰ মঙ্গল কামনাৰে এই ব্ৰত ৰাখিছিল পাৰ্ৱতীয়ে । বোকাখাতৰ ৰজাবাৰী গোৰ্খা সমাজ কল্যাণ সমিতিৰ অন্তৰ্গত মখমলী মহিলা সমিতিৰ সৌজন্যত এই তীজ উৎসৱ ১৬ ছেপ্তেম্বৰত বোকাখাতৰ ৰজাবাৰীৰ সাৰ্বজনীন পূজা মন্দিৰ প্ৰাঙ্গনত আয়োজিত হয় । উৎসৱত পৰিৱেশন কৰা সংগীনী নৃত্যই প্ৰতি গৰাকী বিবাহিত মহিলাই পিতৃ- মাতৃ গৃহ এৰি থকা ,অথবা তীজত পিতৃ-মাতৃৰ গৃহলৈ যাব নোৱাৰৰ বিষাদ বেদনা প্ৰকাশ কৰে ।

ৰজাবাৰী গোৰ্খা উন্নয়ন পৰিষদৰ সভাপতি সম্পাদক বেণু উপাধ্যায় আৰু দুৰ্গা সাপকোটাৰ লগতে পূজা ভৰদ্বাজে আঁতধৰা এই তীজ উৎসৱৰ অনুষ্ঠানত পাঁচ শতাধিক লোকে অংশ গ্ৰহন কৰে ৷ অনুষ্ঠানত গোৰ্খা সকলৰ পৰম্পৰাগত সাজ সজ্জা আৰু অলংকাৰেৰে সুসজ্জিত মহিলা সকলে পৰিৱেশন কৰা নৃত্য গীত আৰু শিশু সকলে অসমীয়া জনজীৱনৰ সৈতে একাত্ম হ'ব পৰাকৈ নিৰ্বাচিত গীত নৃত্যও পৰিৱেশ কৰে । অনুষ্ঠানত নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সভাপতি বুবুল দত্তই ।

*********