গোলাঘাটত চেতনা নাশক প্ৰয়োগ কৰি বনৰীয়া মেঠোন কৰায়ত্ব : বন বিভাগৰ উদ্যোগত নামবৰ অভয়াৰণ্যত পুনৰ মুকলি :

গোলাঘাটত চেতনা নাশক প্ৰয়োগ কৰি বনৰীয়া মেঠোন কৰায়ত্ব : বন বিভাগৰ উদ্যোগত নামবৰ অভয়াৰণ্যত পুনৰ মুকলি :
Photo : Uttam Saikia

AIIDESH NEWS. 14 May :

গোলাঘাটৰ নামবৰ অভয়াৰণ্যৰ পৰা ওলাই আহি মানুহৰ জনবসতিৰ প্ৰৱেশ কৰা এটা বনৰীয়া মেঠোন ( গৌৰ ) আজি চেতনা নাশক প্ৰয়োগ কৰি বন বিভাগে কৰায়ত্ব কৰে ৷ গোলাঘাটৰ নামবৰ অভয়াৰণ্যৰ পৰা যোৱা নিশা ওলাই আহি টাৰফাট আহোম গাওঁত প্ৰৱেশ কৰাৰ উপৰিও গাওঁৰ আশে পাশে শস্যৰ পথাৰৰ অনিষ্ট কৰা বনৰীয়া মেঠোনটোৰ বিৰুদ্ধে স্থানীয় লোকে গোলাঘাটৰ  বন বিভাগক আপত্তি কৰে ৷ গোলাঘাট বন সংমণ্ডলৰ উদ্যোগত আজি বনৰীয়া মেঠোনটোক পুৱা বেলাতে নামবৰ অভয়াৰণ্যলৈ ঘূৰাই পঠাবলৈ চেষ্টা কৰিও বিফল হয় বনকৰ্মী সকল ৷ পাচত কাজিৰঙাৰ পানবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষন কেন্দ্ৰৰ সৈতে যোগাযোগ কৰে গোলাঘাটৰ বন বিভাগে ৷ গোলাঘাটৰ বন সংমণ্ডলৰ ডি এফ অ'ৰ পৰামৰ্শ মতে কেন্দ্ৰটোৰ পশু চিকিৎসক ডা৹ চামচুল আলীয়ে গোলাঘাটৰ টাৰফাট আহোম গাওঁত বনৰীয়া মেঠোনটোক  চেতনা নাশক প্ৰয়োগ কৰি কৰায়ত্ব কৰাৰ উপৰিও স্বাস্থ্যও পৰীক্ষা কৰে ৷ পিচত সম্পূৰ্ণ সুস্থ অৱস্থাত বনৰীয়া এই মেঠোনটোক নামবৰ অভয়াৰণ্যত পুনৰ মুকলি কৰি দিয়া হয় ৷