কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব পৰিৱেশ দিৱস : মন্ত্ৰী কেশৱ মহন্তৰ বৃক্ষ ৰোপণ : ছাত্ৰ ছাত্ৰীৰ মাজত গছ পুলি বিতৰণ :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব পৰিৱেশ দিৱস : মন্ত্ৰী কেশৱ মহন্তৰ বৃক্ষ ৰোপণ : ছাত্ৰ ছাত্ৰীৰ মাজত গছ পুলি বিতৰণ :
Photo : Uttam Saikia

বোকাখাত  : ৫ জুন :

সমগ্ৰ বিশ্বৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নৱ সংযোজিত এলেকা বান্দৰডুবিতো আজি বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয় ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু কলিয়াবৰ মহকুমা প্ৰশাসনৰ উদ্যোগত কুঠৰীৰ বান্দৰডুবিত আয়োজিত এই অনুষ্ঠানত অসম চৰকাৰৰ জল সম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই অংশগ্ৰহন কৰি বৃক্ষ ৰোপণ কৰে ৷ 
বিশ্ব পৰিৱেশ দিৱস উপলক্ষে দিয়া নিজৰ ভাষণত মন্ত্ৰী কেশৱ মহন্তই জৈৱ বৈচিত্ৰ পৰিচালনাৰে বান্দৰডুবি অঞ্চলত মানুহ আৰু বন্যপ্ৰাণীৰ ভাৰসাম্যতাৰে আঁচনি যুগুতাৱলৈ কাজিৰঙাৰ কৰ্তৃপক্ষক পৰামৰ্শ দিয়ে ৷ কভিড ১৯ ৰ সংক্ৰমনৰ লগতে অনাগত দিনবোৰত আহিব লগা প্ৰত্যাহ্বানৰ সন্মুখীন হব পৰাকৈ প্ৰস্তুত হবলৈ সকলোকে কোৱাৰ লগতে পৰিৱেশৰ বাবে অলপ সময় দিবৰ বাবেও আহ্বান জনায় ৷ 
পশ্চিম বান্দৰডুবি বন শিৱিৰৰ সমীপত আয়োজিত বিশ্ব পৰিৱেশ দিৱসৰ এই অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্তৰ উপৰিও কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰ , কলিয়াবৰৰ মহকুমাধিপতি বিতোপন নেওঁগ , কলিয়াবৰৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাস , পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ' ৰমেশ কুমাৰ গগৈ আৰু অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়াই অংশগ্ৰহন কৰে ৷ পৰিৱেশ দিৱসৰ আজিৰ কাৰ্যসুচীত বান্দৰডুবি অঞ্চলৰ বন পথত বৃক্ষ ৰোপণ কৰাৰ উপৰিও ছাত্ৰ ছাত্ৰী আৰু স্থানীয় লোকৰ মাজত গছ পুলি বিতৰণ কৰে মন্ত্ৰী কেশৱ মহন্তই ৷