কাজিৰঙাৰ বাগৰিৰ ব্যক্তিগত হাতী চাফাৰি বন্ধৰ সিধান্ত বাতিল : দ্বিপাক্ষিক আলোচনাৰ পিচত ২৫ ডিচেম্বৰৰ পৰা পুনৰ আৰম্ভ হ'ব ব্যক্তিগত হাতী চাফাৰী :

কাজিৰঙাৰ বাগৰিৰ ব্যক্তিগত হাতী চাফাৰি বন্ধৰ সিধান্ত বাতিল :  দ্বিপাক্ষিক আলোচনাৰ পিচত ২৫ ডিচেম্বৰৰ পৰা পুনৰ আৰম্ভ হ'ব ব্যক্তিগত হাতী চাফাৰী  :
Aiidesh Photo

Aiidesh News  : 24 December - 2023 :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই লোৱা সিধান্ত প্ৰতিবাদত আজিৰে পৰা অনিৰ্দিষ্ট কালৰ বাবে বাগৰিৰ ব্যক্তিগত হাতীৰ মালিক সকলে ঘোষণা কৰা হাতী ছাফাৰী বন্ধৰ সিধান্ত বাতিল কৰিছে ৷ আজি ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চলত আয়োজিত হোৱা এক দ্বিপাক্ষিক আলোচনাত হোৱা সিধান্তৰ পিচত বাগৰিৰ ব্যক্তিগত হাতীৰ মালিক সকলে পৰ্যটকৰ বাবে হাতী চাফাৰী বন্ধ কৰাৰ সিধান্ত বাতিল কৰিছে ৷

কাজিৰঙাৰ সঞ্চালক ড৹ সোনালী ঘোষৰ, পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ অৰুণ বিঘ্নেশ আৰু কঁহৰাৰ বনাঞ্চলিক বিষয়া বিভূতি ৰঞ্জন গগৈৰ উপস্থিতিত ব্যক্তিগত হাতীৰ মালিক সকলৰ সৈতে আজি কঁহৰা বনাঞ্চলত হোৱা এক আলোচনাৰ পিচত এই সিধান্ত গ্ৰহন কৰা বুলি জানিব পৰা গৈছে ৷ এই দ্বিপাক্ষিক আলোচনাত বাগৰি বনাঞ্চলত পূৰ্বৰে পৰা চলি থকা হাতী চাফাৰী পুৱা দুটা চিফটত আগৰ দৰে চলি থকা সিধান্ত লোৱা বিপৰীতে পৰ্যটকৰ ভীৰ বৃদ্বি পালে বন বিভাগে এই চিফটৰ সংখ্যা প্ৰয়োজনত তিনিটালৈ বৃদ্ধি কৰাৰ সিধান্ত লয় ৷ ব্যক্তিগত হাতীৰ মাউট সকলৰ বাবে এটা প্ৰশিক্ষণৰ লগতে পৰ্যটকৰ সংখ্যা বৃদ্ধি পালে প্ৰয়োজনত ব্যক্তিগত হাতী মালিক সকলে বন বিভাগৰ বাবেও সীমিত চিট দিয়াৰ বাবে সহমত প্ৰকাশ কৰে ৷ একেদৰে বৰ্তমান নিৰিখত হাতী চাফাৰী লোকচান হোৱা বুলি মন্তব্য কৰি হাতী চাফাৰীৰ নিৰিখ বৃদ্ধি কৰিবৰ বাবেও হাতীৰ মালিক সকলে আলোচনাত আহ্বান জনায় ৷ আজিৰ এই দ্বিপাক্ষিক আলোচনাত ব্যক্তিগত হাতীৰ মালিক পক্ষৰ হৈ ফটিক বৰা, দিপক দাস, ৰাজীৱ বৰাৰ নেতৃত্ব হাতীৰ মালিক সকলে অংশ গ্ৰহন কৰে ৷ উল্লেখ্য যে হাতী মালিক পক্ষই বন বিভাগৰ পুৰ্বৰ সিধান্তত ক্ষোভিত হৈ আজি বন্ধ ৰাখিছিল বাগৰিৰ ব্যক্তিগত হাতী চাফাৰী ৷

*******