কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বোকাখাত আৰু অগৰাতলি বনাঞ্চলত বনকৰ্মীৰ বাবে বিনামুলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰ সম্পন্ন : দুই শতাধিক বনকৰ্মীৰ স্বাস্থ্য পৰীক্ষা :

 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বোকাখাত আৰু অগৰাতলি বনাঞ্চলত বনকৰ্মীৰ বাবে বিনামুলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰ সম্পন্ন :  দুই শতাধিক বনকৰ্মীৰ স্বাস্থ্য পৰীক্ষা  : 

Aiidesh News  : 21 July 2023  :

গুৱাহাটীৰ  ডাঃ অঞ্জনা ফুকন মেম'ৰিয়েল ফাউণ্ডেশ্যনৰ উদ্যোগত বাঙ্গালোৰৰ অডিকৰ কাৰ্ডিঅ'মেট্ৰিকছ প্রাইভেট লিমিটেড আৰু বোকাখাতৰ স্বেতা সংগীতা হেল্থ কেয়াৰ চেন্টাৰৰ সহযোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীৰ লগতে ইয়াৰ লগত জড়িত ব্যক্তিসকলৰ বাবে  ২১ জুলাইত এটা বিনামুলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰৰ আয়োজন কৰা হয় ৷ শিৱিৰত অভিজ্ঞ চিকিৎসক আৰু বিশেষজ্ঞৰ দ্বাৰা বনকৰ্মী সকলৰ উপৰিও কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক  যতীন্দ্ৰ শৰ্মা, ডি এফ অ' অৰুণ বিঘ্নেশ, অৱসৰ প্ৰাপ্ত সহকাৰী বন সংৰক্ষক খৰ্গসিং ডেকা ৰজা,  অৱসৰ প্ৰাপ্ত গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মাৰ হৃদৰোগৰ আগতীয়া নিৰূপণ, তেজৰ শৰ্কৰা আৰু ৰক্ত চাপৰ পৰীক্ষা কৰি লবলগা সাৱধানতাৰ পৰামৰ্শ প্ৰদান কৰা হয় ৷

শিৱিৰত বাংগালুৰৰ অডিকৰ কাৰ্ডিঅ'মেট্ৰিকছ প্রাইভেট লিমিটেডৰ বিশেষজ্ঞ বিজয়াসীমা আজাৰানন্দই তেওঁ নিজেই আৱিস্কাৰ কৰা কৃত্ৰিম বুদ্ধিমত্তাৰে পৰিচালিত এটা যন্ত্ৰৰে বনকৰ্মী সকলৰ হৃদৰোগৰ পৰীক্ষা কৰে ৷ শিৱিৰত বোকাখাতৰ জেষ্ঠ চিকিৎসক ডা৹ অপুৰ্ব শৰ্মাই ৰক্ত চাপ আৰু তেজৰ শৰ্কৰা পৰীক্ষা কৰি প্ৰতি গৰাকী বনকৰ্মীকে স্বাস্থ্য়ৰ বাবে লব লগা পৰামৰ্শ প্ৰদান কৰে ৷ শিৱিৰত ডাঃ অঞ্জনা ফুকন মেম'ৰিয়েল ফাউণ্ডেশ্যনৰ অভিযন্তা দিলীপ বৰা, গৌতম বৰা, ৰণ বৰুৱাৰ উপৰিও বোকাখাতৰ স্বেতা সংগীতা হেল্থ কেয়াৰ চেন্টাৰৰ কৰ্মচাৰীয়ে সহযোগিতা আগবঢ়ায় ৷

কাজৰিঙা ৰাষ্ট্ৰীয় উদ্যানৰ বোকাখাত বনাঞ্চল আৰু অগৰাতলি বনাঞ্চলত ২১ জুলাইৰ এই স্বাস্থ্য পৰীক্ষা শিৱিৰত ২ শতাধিক বন কৰ্মীৰ স্বাস্থ্য পৰীক্ষা কৰা হয় ৷ বোকাখাত বনাঞ্চৰ বনাঞ্চলিক বিষয়া মনজিত সোনোৱাল আৰু অগৰাতলি বনাঞ্চলৰ বনাঞ্চলিক বিষয়া বিদ্যুত বিকাশ বৰাৰ সহযোগিতাত পৰিৱেশ কৰ্মী জেষ্ঠ সাংবাদিক উত্তম শইকীয়াৰ পৰিচালনাত এই দুই শিৱিৰ সফলতাৰে ৰূপায়ণ কৰা হয় ৷

উল্লেখ্য যে ডাঃ অঞ্জনা ফুকন মেম'ৰিয়েল ফাউণ্ডেশ্যনৰ উদ্যোগত ইতিমধ্যেই অসমৰ বিভিন্ন স্থানত কেঞ্চাৰ ৰোগৰ চিকিৎসা আৰু সজাগতাৰ বাবে শতাধিক শিৱিৰৰ আয়োজন কৰি জনসাধাৰণৰ কল্যানৰ বাবে বিগত সময়চোৱাত কাম কৰি আহিছে  ৷

***********