সুস্থ হৈ ঘৰলৈ উভটিল দুগৰাকী কভিড পজিটিভ মহিলা

সুস্থ হৈ ঘৰলৈ উভটিল দুগৰাকী কভিড পজিটিভ মহিলা

ৰাজ্যবাসীৰ বাবে সুখবৰ । যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা সুস্থ হৈ ঘৰলৈ উভটিল যোৰহাটৰ প্ৰথম দুগৰাকী কভিড পজিটিভ মহিলা । আজি সন্ধ্যা  ৭ বজাত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা ৰিলিজ দিয়া হয় । যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষই দুয়োগৰাকী সুস্থ হৈ উঠা মহিলাক একোখনকৈ গামোচা পিন্ধাই সম্ভাষন জনাই ।  দুয়ো গৰাকী ৰোগী মামু বৰা আৰু পৰিস্মৃতা দত্ত কলিতাই যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক স্বাস্থ্য কৰ্মী সকলোৰে শলাগ লৈ ধন্যবাদ জ্ঞাপন কৰি কয় যে চিকিৎসা মহাবিদ্যালয়ত থকা আন ৰোগী সকলো যথেষ্ট যোগাত্মক মনোভাৱেৰে আছে আৰু অতি সোনকালে সুস্থ হব ।

ক’ৰোনা মানেই ভয় কৰাৰ কোনো কাৰণ নাই বুলি মন্তব্য কৰি সাহস আৰু যোগাত্মক দৃষ্টিভংগীৰে যুজ দিবলৈ সকলোকে আহ্বান জনাই । অৱশ্যে দুয়োগৰাকী মহিলাই চিকিৎসালয়ত ভৰ্ত্তি হোৱা প্ৰথম দিনটোত কিছুমান প্ৰচাৰ মাধ্যমত ওলোৱা কেতবোৰ অপপ্ৰচাৰেহে মনত বেয়াকৈ আঘাত দিছিলে বুলি চকুপানী টুকি কয় যে এই সময়ত এনে অপপ্ৰচাৰে সমাজৰ অধিক ক্ষতি কৰে ।

দয়োগৰাকী মহিলাক বিদায় দিবৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ জিলা উপায়ুক্ত ৰশ্নি অপৰাঞ্জী ক’ৰাটীয়ে মহিলা দুগৰাকীক ঘৰত ভালদৰে থাকিবলৈ উপদেশ দি সাংবাদিকৰ আগত কয় যে সমাজত উৰাবাতৰি বিয়পোৱা কাম অতি বেয়া । স্ক্ৰীনিং চেন্টাৰত কৰ্মৰত কৰ্মচাৰী গাঁৱৰ ঘৰলৈ যোৱাৰ পিছত কেতবোৰ উৰাবাতৰি উলিয়াবলৈ চেষ্টা কৰে একাংশই কিন্তু এই কাৰ্য্য অতি বেয়া আৰু ইয়াৰ পৰা বিৰত থাকি সজাগ হৈ থকাৰ অতি প্ৰয়োজন বুলি কয় । উললেখযোগ্য যে যোৱা ১০ মে’ তাৰিখে দুয়োগৰাকী মহিলাৰ দেহত কভিড পজিটিভ ধৰা পৰা পিছত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্ত্তি কৰা হৈছিল ।