বোকাখাতত কভিড আক্ৰান্ত মাতৃয়ে প্ৰসৱ কৰিলে এটি পুত্ৰ সন্তান :

বোকাখাতত কভিড আক্ৰান্ত মাতৃয়ে প্ৰসৱ কৰিলে এটি পুত্ৰ সন্তান  :
Photo by Aiidesh news

বোকাখাতত কভিড আক্ৰান্ত মাতৃয়ে প্ৰসৱ কৰিলে এটি পুত্ৰ সন্তান  :

Aiidesh News  :  14th September  :

বোকাখাতৰ ছহীদ কমলামিৰি অসামৰিক চিকিৎসালয়ত যোৱা নিশা এগৰাকী ক'ভিড ৰোগীয়ে এটি সন্তানৰ প্ৰসৱ কৰে ৷ চিকিৎসালয়খনৰ ক'ভিড কেয়াৰ চেন্টাৰত চিকিৎসাধীন হৈ থকা দীপামনি কচাৰী নামৰ মহিলা গৰাকীয়ে ৩.১ কিলোগ্ৰাম ওজনৰ এটি সন্তানৰ জন্ম দিয়ে ৷


চিকিৎসালয় খনৰ চিকিৎসক ডা৹মিলন লহকৰৰ নেতৃত্বত ৰাজুমনি শইকীয়া আৰু অজিতা টিৰ্কী নামৰ এ এন এম নাৰ্চ দুগৰাকীৰ পৰিচৰ্যাত ক'ভিড ৰোগী দীপামনি কছাৰীয়ে এই সন্তানটি জন্ম দিয়ে ৷ দীপামনি কছাৰী বোকাখাত মহকুমাৰ ৰৌদুৱাৰ পথাৰৰ মুৰুলী কছাৰীৰ পৰিবাৰ ৷ সম্প্ৰতি ক'ভিড আক্ৰান্ত দীপামনি আৰু তেওঁৰ সদ্যজাত শিশুটিক পৰ্যবেক্ষণতে ৰাখিছে চিকিৎসকে ৷